Breaking

পশ্চিম গুৱাহাটীৰ ৰাণী আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ, ৰোৱনীৰ মাজত উচাহৰ ধল…

0 49

শাওনৰ মাহ মানে অসমৰ কৃষকৰ আশাৰ মাহ, হেঁপাহৰ মাহ। আঘোণ মাহত সোণগুটি চপাবলৈ হলে এই শাওন মাহতে তাৰ পৰিকল্পনা ৰচিব লাগিব। যাৰ বাবে শাওন মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষক ৰাইজে আঘোণত সোণগুটি চপাবলৈ পৰিকল্পনা আৰম্ভ কৰে। ইফালে ৰাজ্যৰ আন আন অঞ্চলৰ দৰে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰা কাষৰীয়া কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণীৰ আন্ধেৰীজুলি খেতিপথাৰত আজি চকুৰে মণিব পৰালৈকে ৰোৱনী আৰু কৃষকে প্ৰখৰ ৰ’দকো নেওচি শালি ধানৰ কঠীয়া তুলি ভূঁই ৰোৱা দেখা গৈছে । শাওণৰ পথাৰত ৰোৱনী আৰু কৃষকসকল নমাৰ লগে লগে যেন মেঘেও মাদল বজাইছে নীলিম আকাশত। জাক জাক ৰাংঢালী ৰোৱনীৰ এমোকৰা হাঁহিয়ে জিলিকাই তুলিছে বোকাময় পথাৰ।

এয়াই যেন ৰোৱনী আৰু কৃষকসকলৰ জীৱনৰ অন্য এক মাদকতা। একাঠু পানী আৰু বোকাৰ মাজত সোমাই ভূঁই ৰুইছে ৰোৱনীজাকে। লগতে আনন্দ আৰু উল্লাসেৰে গান গাই ৰুই গৈছে তেওঁলোকে ভূঁই। সম্প্রতি সেউজীয়া হৈ পৰিছে আন্ধেৰীজুলি পথাৰ। আশাৰ বতৰা লৈ মাটিৰ গোন্ধ থকা খেতিপথাৰত ভূঁই ৰুই ধাননি পথাৰ চিৰসেউজ কৰি তুলিবলৈ সংকল্প লৈছে। কিয়নো প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক, ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল এতিয়াও পানীৰ অভাৱৰ বাবে কৃষকসকল পথাৰত কৃষি কাৰ্য কৰাৰ বাবে সাজু হ’ব পৰা নাই। ইফালে খৰাং আৰু বানৰ পৰা তুলনামূলকভাৱে মুক্ত অঞ্চল সমূহত শাওনৰ মাহ পৰাৰ লগে লগে কৃষকসকল শালিধানৰ খেতি কৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিগত বৃহত্তৰ ৰাণী অঞ্চলত শাওনৰ প্ৰথম দিনটোৰ পৰাই কৃষক সকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ নামি পৰা পৰিলক্ষিত হৈছে। নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰ সমূহ ৰোৱনী-দাৱনীৰে ভৰি পৰা পৰিলক্ষিত হৈছে।

এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউচোতালৰ বলেশ্বৰ ৰংপি, ৰোৱনী হিচাপে অভিজ্ঞ মহিলা তথা আজাৰা গাঁও পঞ্চয়াতৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপিকে ধৰি কৃষি কৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ, ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে। যিটো অতি শুভ লক্ষণ। সমান্তৰালভাৱে শাওন মাহৰ ১৫ দিনৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰুৱ পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে শাওন মাহৰ তৃতীয় দিনটো অৰ্থাৎ ১৯ জুলাইত ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপীৰ উদ্যোগত ভূঁই ৰোৱা উৎসৱ পালন কৰা হয়। এগছি ভূঁই ৰুই ২০ জনী ৰোৱনীৰ সৈতে খেতি পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰে আজাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে। তেনেদৰে ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে প্ৰাক্তন কৃষক নেতা বলেশ্বৰ ৰংপীয়ে।

Leave A Reply

Your email address will not be published.