মঙলবাৰে নিশা ঘৰুৱা ক্ষেত্ৰত ব্ৰাজিলক ৪-১ গ’লত পৰাস্ত কৰে আৰ্জেণ্টিনাই। বিশ্বকাপৰ টিকটো ক্ৰয় কৰিছে। অৱশ্যে প্ৰশ্ন উত্থাপন হৈছে যে ব্ৰাজিলৰ মেচখনৰ দৰেই লিয়নেল মেছিৰ অবিহনে বিশ্বকাপ খেলিব লাগিব নেকি? মেচৰ পিছতে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।(Fifa World Cup 2026)
মেছিয়ে আঘাতৰ বাবে ব্ৰাজিলৰ বিৰুদ্ধে খেলিব পৰা নাছিল। তেওঁৰ অবিহনে আৰ্জেণ্টিনাই নিজৰ প্ৰধান শত্ৰুক পৰাজয় কৰে।
মেছিয়ে বিশ্বকাপত খেলিব নে নাই বুলি সোধাত স্কাল’নীয়ে কয়, “চাওঁ কি হয়। এতিয়াও বহু সময় আছে। আমি প্ৰতিখন মেচ যিদৰে আহিব তেনেদৰেই লোৱা উচিত। নহ’লে আমি গোটেই বছৰটো একেখিনি কথাই কৈ থাকিব লাগিব। এতিয়াৰ বাবে আমি মেছিক অকলে এৰি দিব বিচাৰো। মেছিয়ে কি কৰিব বিচাৰে সেইটো সিদ্ধান্ত লওক। এই বিষয়ে ইমান আলোচনা কৰি লাভ নাই।”
মেছি অবিহনে ব্ৰাজিলৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ আধিপত্য দেখি বহুলোক আচৰিত হৈছিল। অৱশ্যে আৰ্জেণ্টিনাৰ ফুটবলাৰসকলৰ মতে মেছি থাকিলে জয়ৰ সোৱাদ অধিক মধুৰ হ’লহেঁতেন। জুলিয়ান আলভাৰেজে কয় যে মেছি যদি তাত থাকিলহেঁতেন তেন্তে আমি আৰু দুটা বা তিনিটা গ’ল দিলোঁহেঁতেন।
মিডফিল্ডাৰ ৰড্ৰিগো ডি পলেও একে কথাই কয়। তেওঁ মন্তব্য কৰে যে, “যেতিয়া আমাৰ দলত ১০ নম্বৰ থাকে, আমি আমাৰ শ্ৰেষ্ঠ খেল খেলো। কাৰণ তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ।” যদিও তেওঁ নাম উল্লেখ কৰা নাছিল, তথাপিও তেওঁ মেছিৰ কথাকে বুজাইছিল।
বৰ্তমান মিয়ামিৰ নিজৰ ঘৰত আছে মেছি। আৰ্জেণ্টিনাৰ জয়ৰ পিছত ছ’চিয়েল মিডিয়াত বাৰ্তা লিখি প্ৰতিজন ফুটবলাৰক অভিনন্দনও জনায় মেছিয়ে।