Breaking

বিশিষ্ট চিত্ৰশিল্পী-চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক গৌৰী বৰ্মনৰ আৰু নাই, মুখ্যমন্ত্ৰী সোণোৱালৰ শোকপ্ৰকাশ

0 130

দৈনন্দিন বাৰ্তা সেৱাঃ বিশিষ্ট চিত্ৰশিল্পী-চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক গৌৰী বৰ্মনৰ আৰু নাই। গুৱাহাটীৰ তৰুণ নগৰস্থিত নিজা বাসগৃহত বৰ্ষীয়ান শিল্পী গৰাকীৰ ৮৪ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। কেইবাখনো ছবিৰ লগতে তথ্যচিত্ৰৰো পৰিচালক, প্ৰযোজক আছিল প্ৰয়াত বৰ্মন। অপৰাজিতা, জীৱন জেউতি, হৃদয়ৰ প্ৰয়োজনৰ দৰে কেইবাখনো ছবিৰ পৰিচালনাৰ লগতে ৩০ খনতকৈ অধিক তথ্যচিত্ৰ আৰু ভালেসংখ্যক টেলিভিশ্যন ধাৰাবাহিকৰো পৰিচালক আছিল গৌৰী বৰ্মণ।

প্ৰাক্তন মন্ত্ৰী ৰমনি বৰ্মনৰ জ্যেষ্ঠ ভাতৃ গৌৰী বৰ্মন মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোকপ্ৰকাশ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰত ‘যশস্বী চলচ্চিত্ৰ নিৰ্মাতা গৌৰী বৰ্মনৰ বিয়োগত মৰ্মাহত হৈছো। তেওঁৰ কৰ্মৰাজিয়ে অসমীয়া চলচ্চিত্ৰ, কলা আৰু সংস্কৃতিক চহকী কৰি থৈ গৈছে। তেওঁৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে মই শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো’ বুলি প্ৰকাশ কৰে।

আনহাতে গৌৰী বৰ্মনৰ বিয়োগত অসম নাট্য সন্মিলন, গুৱাহাটী আৰ্টিষ্টছ গীল্ড আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানেও শোক প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.