প্ৰয়াত সিদ্ধাৰ্থ শুক্লালৈ উৎসৰ্গা ফিল্মফেয়াৰৰ ‘ৰাইজিং ষ্টাৰ অফ বলীউড’ বটাঁ; শ্বেহনাজ গীলৰ ভাষণে অনুৰাগীক আৱেগিক কৰি তুলিছে…

বিগ বছ ১৩ৰ ফেম খ্যাত তাৰকা শ্বেহনাজ গিলে তেওঁৰ উৎকৃষ্ট দক্ষতা, অনবদ্য ফেশ্বন সংবেদন আৰু নম্ৰ ব্যক্তিত্বৰ বাবে নিজকে দেশৰ প্ৰিয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত ২০২২ চনৰ ফিল্মফেয়াৰ মিডল ইষ্ট এচিভছ নাইট এৱাৰ্ডত বঁটা লাভ কৰি অভিনেত্ৰী-গায়িকাগৰাকীয়ে নিজৰ প্ৰতিভাৰ কথা পুনৰ প্ৰমাণ কৰে।উল্লেখ্য যে, এই বঁটা লাভৰ পাছতেই শ্বেহনাজৰ এটা বিশেষ কাৰ্যই সকলোৰে হৃদয় চুই গ’ল। নিজৰ এই বঁটা প্ৰয়াত অভিনেতা তথা তেওঁৰ বন্ধু সিদ্ধাৰ্থ শুক্লাক উৎসৰ্গা কৰাৰ পিছত সকলোকে আৱেগিক কৰি তুলিছিল।

নূন্যতম গহনা থকা ক’লা গাউনত আকৰ্ষণীয় দেখাত শ্বেহনাজে অনুষ্ঠানটোত ‘ৰাইজিং ষ্টাৰ অফ বলীউড’ৰ ট্ৰফী ঘৰলৈ লৈ বিগ বছ ১৩ৰ তাৰকাগৰাকীয়ে তেওঁৰ মিঠা আৰু সৰল গ্ৰহণযোগ্য ভাষণেৰে হৃদয় জয় কৰিছিল।

বটাঁটো গ্ৰহণ কৰি শ্বেহনাজে কয়, ” মই মোৰ পৰিয়াল, মোৰ বন্ধু আৰু মোৰ দলক একেবাৰে উৎসৰ্গা নকৰো কাৰণ এইয়া মোৰ পৰিশ্ৰম হয় আৰু তই মোৰেই হয় মোৰ হৈয়েই থাকিবি।” তেওঁ লগতে কয়,” মই এজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, ধন্যবাদ মোৰ জীৱনলৈ অহাৰ বাবে, মোৰ ওপৰত ইমান বিনিয়োগ কৰিলে যে মই ইয়াত আহি উপনীত হ’লো। সিদ্ধাৰ্থ শুক্লা, এইয়া তোমাৰ বাবে।”

মন কৰিবলগীয়া যে, শেহনাজ আৰু সিদ্ধাৰ্থে বিগ বছত একেলগে তেওঁলোকৰ সময়ত ডেটিং আৰম্ভ কৰিছিল আৰু সোনকালেই সকলোৰে প্ৰিয় হৈ পৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰিয় অভিনেতাজনৰ যোৱা বছৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল যাৰ ফলত অনুৰাগী, বন্ধুবৰ্গ আৰু পৰিয়াল হতবাক হৈ পৰিছিল।

দুয়োজন অভিনেতাৰ অনুৰাগীসকলক শ্বেহনাজৰ ভাষণে সম্পূৰ্ণৰূপে স্পৰ্শ কৰিছিল। “আপুনি এনেদৰে আপোনাৰ লোকসকলক জীয়াই ৰাখিব আৰু সন্মান কৰিব। সিদ্ধাৰ্থ আৰু শ্বেহনাজ দুয়োকে অভিনন্দন জনাইছো,” এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে।
আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়েও অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰি টুইট কৰে, “মই কান্দোন বন্ধ কৰিব নোৱাৰিছো। যদি সিদ ভাই ইয়াত থাকিলেহেঁতেন! এক প্ৰকাৰে তেওঁ শ্বেহনাজ গিলৰ ওপৰত নিজৰ পোহৰ জ্বলাই ৰাখিছে আৰু মই নিশ্চিত যে তেওঁ শ্বেহনাজক লৈ আমাতকৈও আৰু অধিক গৌৰৱান্বিত। পুৰস্কাৰৰ বাবে অভিনন্দন! আপুনি আটাইতকৈ শক্তিশালী বিশুদ্ধ আত্মা।”

Related Articles