অৱশেষত বৰুণ দেৱতাৰ কৃপাঃ পূজালৈ সাজি কাচি যাব পাৰিব সুন্দৰী

অৱশেষত বৰুণ দেৱতাই কৃপা কৰিলে। সৰস্বতী পূজাৰ দিনা পুৱাৰে পৰা আকাশ হৈছে মুকলি। দুদিন ধৰি সেমেকা বতৰটো কিছু উন্নত হৈছে শনিবাৰে পুৱাৰে পৰা। ফৰকাল বতৰ দেখি স্লান হৈ পৰা পূজাৰ আনন্দ দুগুণে বৃদ্ধি পাইছে। সম্পূৰ্ণ ৰদ নোলালেও শুকুৰবাৰতকৈ বহুগুণে ফৰকাল আজিৰ বতৰ।

ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে, ফৰকাল হলেও যিকোনো মূৰ্হুততে পুনৰ হব পাৰে বৃষ্টিপাত। সেয়া যি কি নহলেও, ফৰকাল বতৰৰ বাবে পুৱাই শিক্ষানুষ্ঠানসমূহলৈ উলাহেৰে ঢাপলি মেলিছে শিক্ষাৰ্থীসকল। ক’ৰণাকেন্দ্ৰিক পৰিস্থিতিৰ বাবে পূৰ্বৰ দৰে পূজা অনুষ্ঠিত কৰিব নোৱাৰিলেও বাগদেৱীৰ আশীষ লবলৈ শিক্ষাৰ্থীসকল শিক্ষানুষ্ঠানসমূহলৈ যোৱা পৰিলক্ষিত হৈছে।

Related Articles