গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰু চুনাৰী থানাৰ অন্তৰ্গত চৰাঞ্চল সমূহত এটি দুষ্ট চক্ৰই হেক্টৰে হেক্টৰে অবৈধ ভাবে কৰা আফিং খেতিৰ মূল অভিযুক্ত আব্দুল জব্বৰ অৱশেষত আৰক্ষী জালত । আজি এই মূল অভিযুক্ত গৰাকীক লক্ষীপুৰ আৰু চুনাৰীৰ থানাৰ যৌথ অভিযানত চুনাৰী বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে লক্ষীপুৰ আৰু চুনাৰী থানাৰ অন্তৰ্গত লতিবাৰী ,জাইখোৱা , পাঠা কাটা , চিতলমাৰী, মাজেৰ চৰ , পুথিমাৰী , বালিকাচি, হাগুৰীপাৰা আদি চৰ সমুহত এটি দুষ্ট চক্ৰই হেক্টৰে হেক্টৰে এই বৰ বিষ আফিং খেতি কৰিছিল ।
এনে আফিং খেতিৰ বিৰুদ্ধে গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডি , অতিৰিক্ত আৰক্ষী অধীক্ষক মৃনাল ডেকা , উপ আৰক্ষী অধীক্ষক অনুৰাগ শৰ্মা , বৰ্ডাৰ ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাহাৰী কোঁৱৰ , লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভীম কান্ত পেগু সহ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দলে এঘাৰ বাৰকৈ অভিযান চলাই প্ৰায় ছয় শ বিঘা আফিং খেতি ধ্বংস কৰিবলৈ সক্ষম হৈছিল । ইতিমধ্যে আৰক্ষীয়ে ইয়াৰ পূৰ্বে তিনিজনকৈ আফিং খেতিৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও এই মূল অভিযুক্ত আব্দুল জব্বৰ পলাতক অৱস্থাত আছিল । এই গৰাকী মূল অভিযুক্ত আব্দুল জব্বৰ হত্যাৰ গোচৰতো জড়িত বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই জানিবলৈ দিয়ে । ইতিমধ্যে অধিক তথ্যৰ বাবে আব্দুল জব্বৰক সোধ পোছ অব্যাহত ৰাখিছে ।