Breaking

প্ৰকৃত খবৰ জানি লওকঃ বিয়াৰ ৭ দিনৰ পিছতে চিকিৎসালয়ত উপস্থিত সোনাক্ষী-জাহীৰ! অনুৰাগীৰ প্ৰশ্ন ‘গৰ্ভৱতী নেকি’?

0 69

বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিনহা আকৌ এবাৰ বাতৰিৰ শিৰোনাম। মাত্ৰ ৭ দিন পূৰ্বে প্ৰেমিক তথা অভিনেতা জাহীৰ ইকবালৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ‘দাবাং’ অভিনেত্ৰীগৰাকী। দুয়োৰে বান্দ্ৰাত আদালতৰ বিবাহ হৈছিল। য’ত শত্ৰুঘ্ন সিনহাৰ কন্যাও ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল। এতিয়া সোনাক্ষী সিনহাক লৈ নতুনকৈ আৰম্ভ হৈছে চৰ্চা। আচলতে শুকুৰবাৰে সোণাক্ষী সিনহাক স্বামীৰ সৈতে চিকিৎসালয়ৰ বাহিৰত দেখা গৈছিল। গৰ্ভধাৰণৰ উৰাবাতৰি ওলাইছে।

২৮ জুনত মুম্বাইৰ কোকিলাবেন হাস্পতালৰ বাহিৰত স্বামী জহীৰ ইকবালৰ সৈতে সোনাক্ষী সিনহাক দেখা গৈছিল। এখন বগা ৰঙৰ মাৰ্চিডিজ গাড়ীত দেখা গৈছিল দম্পতীহালক। কিন্তু এই সময়ছোৱাত দুয়োজনে পাপাৰাজীক আওকাণ কৰিলে। ভিডিঅ’টোৰ কমেণ্ট বক্সত মানুহে সোণাক্ষী সিনহাৰ গৰ্ভধাৰণৰ বিষয়ে মন্তব্য কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘গৰ্ভৱতী নেকি? তাই মেডিকেল চেকআপৰ বাবে গৈছে নেকি? ভাল খবৰ যেন লাগিছে। আনহাতে আন এজনে লিখিছে, ‘বেবী আহিবলৈ ওলাইছে।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘সোনাক্ষী সিনহা গৰ্ভৱতী নেকি?’

আচলতে সোনাক্ষী সিনহা আৰু জহীৰ ইকবালে শুকুৰবাৰে পিতৃক লগ কৰিবলৈ চিকিৎসালয়লৈ গৈছিল। ৰুটিন চেকআপৰ বাবে শত্ৰুঘ্ন সিনহাক ভৰ্তি কৰা হৈছে বুলি খবৰ ওলাইছিল। এনে অৱস্থাত জীয়েক আৰু জোঁৱাই হস্পিতালত উপস্থিত হয়। কিন্তু ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীয়ে গৰ্ভাৱস্থাৰ সৈতে জড়িত কৰিবলৈ আৰম্ভ কৰিলে।

Leave A Reply