FIR against BJP presidentবিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ

Date:

(APCC) on Friday lodged an FIR against Assam BJP president প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰে। ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দিপ্তেশ্বৰি ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত তেখেতৰ নিজৰ ভাষণত অৰুণোদয় আঁচনিৰ হিতাধিকাৰি সকলক উদ্দেশ্যি কৈছে কেৱল বিজেপি সদস্যই হে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। মিছকল যোগে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছ কল দিবলৈ এক প্ৰকাশ ভাবুকি প্ৰদান কৰিছে নেতা গৰাকীয়ে। অৰুনোদয় আঁচনিৰ ধন মিছ কল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় ভীতি খুৱাৱ বিচাৰিছে।

দৈনন্দিন বাৰ্তা ২০ ছেপ্টেম্বৰ – গুৱাহাটী

Chairman of social media and information technology department of Pradesh Congress প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে FIR Bhangaghar police station বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰে। ১৯ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাই ৰঙিয়াৰ দিপ্তেশ্বৰি ৰাজহুৱা হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত ৰাজহুৱা সভাত তেখেতৰ নিজৰ ভাষণত অৰুণোদয় আঁচনিৰ হিতাধিকাৰি সকলক উদ্দেশ্যি কৈছে কেৱল বিজেপি সদস্যই হে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। মিছকল যোগে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়াত ব্যৱহৃত বিশেষ নম্বৰত মিছ কল দিবলৈ এক প্ৰকাশ ভাবুকি প্ৰদান কৰিছে নেতা গৰাকীয়ে। অৰুনোদয় আঁচনিৰ ধন মিছ কল দি বিজেপিৰ সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক বুলি ভয় ভীতি খুৱাৱ বিচাৰিছে। সদস্য ভৰ্তিৰ প্ৰমাণ পত্ৰ দাখিল নকৰিলে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ নকৰে বুলি এক প্ৰকাৰ ধমকি দিছিল নেতা গৰাকীয়ে। বিজেপি সভাপতি গৰাকীৰ এনে দায়িত্বজ্ঞান হীন মন্তব্যই ৰাইজৰ সংবিধান প্ৰদত্ত অধিকাৰ খৰ্ব কৰিছে।
ইয়াৰ প্ৰতিবাদ স্বৰূপে আৰু ৰাজহুৱা স্থানত এনে সংবিধান বিৰোধী মন্তব্য দিয়াৰ বাবে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এটি প্ৰতিনিধিৰ দলে ভঙাঘৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে। লগতে ভৱেশ কলিতাক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে। এজাহাৰ দাখিল কৰি প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাই সাংবাদিকৰ আগত কয় যে বিজেপি সভাপতি ভৱেশ কলিতাই মানসিক সন্তুলন হেৰাই ৰাইজক ভয় ভাবুকি দি নিজৰ চকি বচাব বিচাৰিছে। ভৱেশ কলিতাৰ পৈতৃক সম্পত্তি বিক্ৰি কৰা ধনেৰে অৰুণোদয় আচঁনিৰ ধন দিয়া হোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পত্নীয়ে বেআইনী ভাৱে আহৰণ কৰা সম্পত্তি বিক্ৰি কৰি পোৱা ধনেৰে ৰাজহুৱা আঁচনি প্ৰবৰ্তন কৰা নাই। প্ৰতিটো চৰকাৰী আঁচনিৰ ধন ৰাইজৰ আৰু ৰাইজৰ ধনকেই ৰাজহুৱা আচঁনি জৰিয়তে হিতাধিকাৰি সকলক দিয়া হৈছে। ভৱিষ্যতে ভৱেশ কলিতাই যাতে এনেকুৱা নিম্ন ৰুচি সম্পন্ন আৰু সাধাৰণ ৰাইজক ভয় ভীতি দেখুওৱা মন্তব্য নকৰে, তাৰ বাবে সাৱধান থাকিবলৈ আহ্বান জনাই।

(APCC) has filed a police complaint against the state’s BJP President,গোচৰ দাখিল কৰাৰ সময়ত ৰাতুল কলিতাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ উপ সভাপতি ৰূপা দেউৰী, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, সম্পাদক কৃদীপ বৰ্মন, গীতালি দাস, মানস প্ৰতীম তালুকদাৰ, এ টি হাবিব আহ্মেদকে ধৰি কিছু প্ৰতিনিধি উপস্থিত থাকে।

লগতে পঢ়ক Fake Bank YBL: নামৰ এটি বেংক খুলি কোটি টকাৰ প্ৰৱঞ্চনা

Popular

More like this
Related

Fake Bank YBL: নামৰ এটি বেংক খুলি কোটি টকাৰ প্ৰৱঞ্চনা

Fake Bank YBL: নামৰ এটি বেংক খুলি কোটি টকাৰ প্ৰৱঞ্চনা

Arvind Kejriwal: কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে

আপ নেতা গোপাল ৰায়ৰ মণ্ডল প্ৰভাৰীসকলক সম্বোধন।কেজৰিৱাল অৰ্জুন বাবেই  বিজেপিৰ চক্ৰবেহু ভেদ কৰিব জানে।(Arvind Kejriwal)

Alia bhatt: এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ ৰোগত আক্ৰান্ত আলিয়া ভাট!

‘জিগ্ৰা’ ছবিখনৰ প্ৰচাৰত ব্যস্ত অভিনেত্ৰী আলিয়া ভাট। ইফালে আলিয়া ভাট 'এটেনচন ডেফিচিট ডিছঅৰ্ডাৰ'ত ভুগিছে!(alia bhatt)

Assam Heat Wave: গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছেপ্টেম্বৰ মাহৰ বাকী দিনকেইটাত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰাৰ আহ্বান

উৎকট গৰমে দহিছে ৰাজ্যবাসীক৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুযায়ী আগন্তুক দিন কেইটাত তাপমান অধিক বঢ়াৰ আশংকা কৰা হৈছে৷ সৰ্বাধিক ৪২ ডিগ্ৰী পৰ্য্যন্ত সূৰ্যৰ উত্তাপে দহিব অসমক৷