Breaking

দেৰগাঁৱত আৰম্ভ হ’ব প্ৰাথমিক চিকিৎসা বিশেষজ্ঞ পাঠ্যক্ৰম।

0 2,052

ৰাজ্য খনত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়ত বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এগ্ৰ এণ্ড লেবাৰ ক’ৰপৰেচনে  ছাত্র ছাত্ৰী সকলৰ ভবিষ্যত কৰ্মসংস্থাপনৰ সুবিধাৰ্থে এটি নতুন পাঠ্যক্ৰম আৰম্ভ কৰিছে।ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত ভাৰতীয় প্ৰাথমিক চিকিৎসা পৰিষদৰ প্ৰাথমিক চিকিৎসা বিশেষজ্ঞ (first Aid Specialist) শীৰ্ষক এই পাঠ্যক্ৰমত উচ্চতৰ মাধ্যমিক উৰ্তীণ কলা, বিজ্ঞান, বাণিজ্য যিকোনো শাখাৰ ছাত্ৰ ছাত্ৰী বা যুবক যুৱতীয়ে নামভৰ্তি কৰিব পাৰিব।এবছৰীয়া পাঠ্যক্ৰম ৰ ছমাহ ব্যবহাৰিক প্ৰশিক্ষণৰ ব্যবস্থা ৰখা হৈছে।এগ্ৰ এণ্ড লেৱাৰ কৰপেৰচনৰ অধীনত গোলাঘাট জিলাৰ ছাত্র ছাত্ৰী সকলৰ বাবে এই পাঠ্যক্ৰম দেৰগাঁৱত অনুষ্ঠিত হ’ব।পাঠ্যক্ৰম সমাপ্তিৰ পাছত বিশ্ববিদ্যালয়ৰ অধীনত ডিপ্লমা প্ৰদাণ কৰা হ’ব।উল্লেখযোগ্য যে,এগ্ৰ এণ্ড লেৱাৰ কৰপৰেচনৰ গোলাঘাট জিলা কাৰ্যালয় টো ১ নৱেম্বৰত দেৰগাঁৱৰ এফ চি আই সমীপত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।পৰশমণি শইকীয়া, তদ্ৰুপ গোস্বামী ,আজাদ আহমেদ প্ৰমুখ্যে অসমৰ কেবাখনো জিলাৰ জিলা সমন্বয়কসকল উপস্থিত থকা অনুষ্ঠানত কাৰ্যালয় মুকলি কৰে ৰাষ্ট্ৰীয় সমন্বয়ক ডঃ তপন কুমাৰ ভৰালীয়ে।,অনুষ্ঠান টো আত ধৰে ৰাষ্ট্ৰীয় সমন্বয়ক পংকজ মহন্তই। নামভৰ্তি মুকলি হোৱা প্ৰাথমিক চিকিৎসা বিশেষজ্ঞ পাঠ্যক্ৰম গ্ৰহণৰ বাবে আগ্ৰহীসকলে ৭০৯৯৮৪১২৮৫/৯৮৬৪৫৮৭৫৬৭,,নম্বৰ যোগে যোগাযোগ কৰি নামভৰ্তি কৰিব পাৰিব বুলি  ৰাষ্ট্ৰীয় সমন্বয়ক  পংকজ মহন্তই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.