Breaking

দলগাঁৱত ‘Assam Pay’ৰ প্ৰথম বৰ্ষপূতি উদযাপন…

0 48

দলগাঁৱত ‘আছাম পে’ৰ প্ৰথম বৰ্ষপূতি উদযাপন । দলগাঁৱৰ ৬ গৰাকী সাংবাদিকলৈ বেষ্ট ছাপৰ্টিঙৰ সন্মান আছাম পে কৰ্তৃপক্ষৰ । ২০২২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে দলগাঁৱৰ মুস্তাফিজুৰে ৰাইজৰ বাবে মুকলি কৰিছিল আছাম পে।আছাম পে’ আৱিষ্কাৰ কৰি সমগ্ৰ অসমত চৰ্চা লাভ কৰিছিল দলগাঁৱৰ মুস্তাফিজুৰ ৰহমানে । অসমত প্ৰথম চৰকাৰী স্বীকৃতি লাভ কৰা তথা ভাৰত বিল পেমেন্ট চিষ্টেমৰ পৰা অনুমোদন লাভ কৰা মুস্তাফিজুৰৰ Assam Pay য়ে আজি এটা বছৰ সফলতাৰে সম্পূৰ্ণ কৰিলে । বুধবাৰে দলগাঁৱৰ শিয়ালমাৰীস্থিত কাৰ্যালয়ত অনুষ্ঠিত হয় প্ৰথম বৰ্ষপূতি অনুষ্ঠান ।

বৰ্ষপূতি উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত আছাম পে’ কৰ্তৃপক্ষই ঘোষণা কৰা বঁটাসমূহ প্ৰদান কৰে । অনুষ্ঠানত ৬ গৰাকীকৈ সাংবাদিকলৈ আছাম পে’ কৰ্তৃপক্ষই প্ৰদান কৰে ‘Assam Pay Best Supporting Award’ । অতি কম সময়ৰ ভিতৰত আছাম পে’ক অসমৰ ৰাইজে আঁকোৱালি লোৱাত ধন্যবাদ জনাইছে আছাম পে’ৰ উদ্ভাৱক মুস্তাফিজুৰ ৰহমানে।

Leave A Reply

Your email address will not be published.