“মাছমৰীয়া লোকসকলেই হ’ল দীপৰ বিলৰ আচল অতন্দ্ৰ প্রহৰী”

এটা সময়ত দেশী বিদেশী চৰাইৰ বিচৰণথলী আৰু সোৱাদযুক্ত মাছৰ বাবে আন্তৰ্জাতিক ক্ষেত্ৰতো পৰিচিতি লাভ কৰা গুৱাহাটীৰ মাজমজিয়াৰ দীপৰ বিল আজি সংকটত ভুগিছে। চৰকাৰী – বেচৰকাৰী উদ্যোগতে সংকট নামি আহিছে দীপৰ বিললৈ। একে সময়তে জীৱন – জীৱিকাৰ ক্ষেত্ৰখনলৈ চৰম ভাবুকি আহিছে দীপৰ বিলত যুগ যুগ ধৰি পৰম্পৰাগতভাবে মাছ মাৰি অহা দীপৰ বিলৰ কাষৰীয়া ৯ খন গাঁৱৰ প্ৰায় এক হাজাৰ মাছমৰীয়া পৰিয়ালৰ। এই কথা আক্ষেপৰে ব্যক্ত কৰিছে দীপৰ বিলৰ মাছমৰীয়া লোক সকলৰ উন্নয়নৰ হকে মাত মাতি অহা একমাত্ৰ আৰু উমেহতীয়া সংগঠন “দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ কেবাজনো কৰ্মকৰ্তাৰ।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টৰ দিনা সন্ধিয়া দীপৰ বিলৰ গাতে লগা আজাৰা কেওটপাৰাত আয়োজিত এটা অন্তৰংগ আলাপ অনুষ্ঠানত ভাগ লৈ এই কথা সদৰি কৰে সমিতিৰ সভাপতি গোলক দাস (১) , উপদেষ্টা নিৰন দাস আদিয়ে।

দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই আঁত ধৰা আৰু সমিতিৰ সম্পাদক গোলক দাসৰ (২) আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত গোলক দাস আৰু নিৰন দাসে তথ্য দাঙি ধৰি কয় যিদিনাই মাছমৰীয়া লোকসকলে বিলখনৰ পৰা আঁতৰি আহিব সিদিনাই বিলখনৰ অকাল মৃত্যু হব। দীপৰ বিল কাষৰীয়া বৃহত্তৰ আজাৰা অঞ্চলৰ ৯ খন গাওঁ ক্ৰমে – কেওটপাৰা , হীৰাপাৰা , হাটোৱাপাৰা, নোৱাপাৰা, মাটিয়া, বৰবৰী, নতুনবস্তি, মেধিপাৰা আৰু চকৰদৌৰ প্ৰায় এক হাজাৰ মাছমৰীয়া সম্প্ৰদায়ৰ পৰিয়ালৰ এক গৰিষ্ঠ সংখ্যক লোকেই পৰম্পৰাগতভাবে বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি আহিছে।

তেওঁলোকে পৰম্পৰাগত একক আৰু অনন্য মাছমৰা পদ্ধতিৰ বাবেই দীপৰ বিলখন জীয়াই আছে । মাছমৰীয়া লোকসকলে এটা পৰিয়ালৰ দৰে জীৱিকা সুনিশ্চিত কৰি অহাৰ উপৰি বিলখনৰ সংৰক্ষণৰ ক্ষেত্ৰত সদায় গুৰুত্ব দি আহিছে। পাঁচপাৰা সমবায় সমিতিৰ জৰিয়তে নিয়ন্ত্রিত এই মাছমৰা প্ৰক্ৰিয়াত আজিকোপতি যন্ত্রচালিত নাও ব্যৱহাৰ কৰা নাই মাছমৰীয়াসকলে। ফলত দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলীৰূপে চিহ্নিত দীপৰ বিলত পক্ষীৰ বাবে এক সুস্থ পৰিৱেশ আজিও মাছমৰীয়াসকলে বৰ্তাই ৰাখিছে।

দীপৰ বিলত কাষৰীয়া অঞ্চলৰ ৰাইজে বিশেষ পৰম্পৰাগত পদ্ধতি তথা নীতি-নিয়মৰ জৰিয়তে এই কাৰ্য সম্পূৰ্ণ কৰে। দীপৰ বিলত মাছ ধৰিবলৈ মাছমৰীয়াসকলে প্ৰায় ১৯ বিধ সঁজুলি ব্যৱহাৰ কৰে। বাৰিষাৰ আগত অর্থাৎ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে’ আৰু বাৰিষা সময়ত অর্থাৎ জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ বাৰিষাৰ পাছত অক্টোবৰ, নৱেম্বৰ আৰু শীতকাল অর্থাৎ ডিচেম্বৰ, জানুৱাৰী এই চাৰিটা ভাগত বতৰক ভাগ কৰি মাছমৰীয়াসকলে দীপৰ বিলত মাছ মাৰে আৰু প্ৰতিটো বতৰত মাছ মৰা সঁজুলি পৃথক পৃথক।

এই ১৯ বিধ সামগ্রী প্রত্যেক দিনাই ব্যৱহাৰ নহয়। নীতি-নিয়মৰ ভিত্তিত এই সমগ্ৰ প্রক্রিয়া নিয়ন্ত্রিত হয় আৰু এই বতৰত কোন কেইবিধ সামগ্ৰী ব্যৱহাৰ কৰিব নিৰ্দিষ্ট কৰা থাকে। বিলখনৰ কোনকেইটা স্থানত এই বতৰত মাছ মাৰিব সেয়াও নিৰ্দিষ্ট কৰা থাকে আৰু কঠোৰ পৰম্পৰাগত নীতি-নিয়মৰ জৰিয়তে এই প্ৰক্ৰিয়াৰে মাছ মাৰে। অতি গুৰুত্বপূৰ্ণ দিশটো হ’ল যে তেওঁলোকে পৰৱৰ্তী দিনটোৰ কথা চিন্তা কৰি মাছ মৰা কাৰ্য সম্পাদন কৰা হয়। ‘দীপৰ বিলত যিসকল মাছমৰীয়া আছে, তেওঁলোকে সকলো মাছ নধৰে। যিটো মাছ উপযুক্ত নহয়, সেই মাছ যাতে ধৰা নপৰে, তেনে জাল সময় অনুসৰি ব্যৱহাৰ কৰা হয়। অর্থাৎ কাইলৈ দিনটোৰ বাবে যিখিনি মাছৰ প্ৰয়োজন, সেইদৰে তেওঁলোকে এই সমগ্ৰ প্ৰক্ৰিয়া সম্পাদন কৰি আহিছে।

আজি দিনত কি হয়, আমি কাইলৈ দিনটোৰ কাৰণে চিন্তা নকৰো; কিন্তু এইসকল মানুহে কাইলৈ বা ভৱিষ্যতৰ দিনটোৰ চিন্তা কৰি কাৰ্য সম্পাদন কৰি আহিছে। ইয়াৰ ফলস্বৰূপে এই বিলখন আজিও জীয়াই আছে।’ বিলখনৰ সংৰক্ষণৰ ই এক শ্রেষ্ঠ পদ্ধতি । বিললৈ পৰিভ্ৰমী চৰাই তেতিয়া আহে, যেতিয়া বিলখনত এক সুৰক্ষিত পৰিৱেশ আৰু পৰ্যাপ্ত খাদ্য লাভ কৰে। মাছমৰীয়া আৰু চৰাইৰ যদি সম্পৰ্ক চোৱা যায়, এক মধুৰ সম্পৰ্ক আছে। মাছমৰীয়াসকলৰ মাছমৰা যি পদ্ধতি পৰিভ্ৰমী পক্ষীৰ স’তে কোনো সংঘৰ্ষ নাই আৰু পৰ্যাপ্ত খাদ্য আছে। সমান্তৰালভাৱে আমি বিলখনত মাছৰ প্ৰজননৰ অপ্ৰট অধিক গুৰিত দিওঁ।

খানাজানৰ জৰিয়তে দীপৰ বিলত মাছ সোমায়। মাছ সোমোৱাৰ পাছত ওলাই যাব নোৱাৰাকৈ এখন বাঁহৰ বান্ধ বনাই দিয়া হৈছে। বছৰি তেওঁলোকে যিটো মাছধৰা উৎসৱ অনুষ্ঠিত কৰে, সেই সময়তে সর্বাধিক পৰিভ্ৰমী পক্ষী বিলখনলৈ আহে। কেৱল মাছ মৰাতে সীমাবদ্ধ নাথাকি কাষৰীয়া লোকসকলে দীপৰ বিলৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । লগতে মাছমৰীয়াসকলে পৰম্পৰাগতভাৱে গ্ৰহণ কৰি অহা মাছমৰা পদ্ধতি আৰু নীতি-নিয়মসমূহ একক আৰু অনন্য ।

কিন্তু চৰকাৰী পৃষ্ঠপোষকতাত গুৱাহাটী পৌৰ নিগমে বিল সংযোগী পামহী কেনেলৰ দাঁতিত বৰাগাঁওৰ বেলৰতলত ২০২১ চনৰ আগষ্ট মাহত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰি তাত অহৰহ দূষিত আৱৰ্জনা পেলাই অহাৰ ফলত বিলৰ পানীভাগ প্ৰদূষিত হৈ পৰিছে। যাৰ বাবে বহু দুৰ্লভ জলজ উদ্ভিদ আৰু প্ৰাণীৰ অকাল মৃত্যু পৰ্যন্ত হৈছে। শেহতীয়াভাবে চৰকাৰে দীপৰ বিল সংযোগী খানাজানৰ শ্লুইছগেটখন বিলৰ বিভিন্ন পৰীক্ষা – নিৰীক্ষাৰ নামত বন্ধ কৰি থোৱা আদি কাৰ্যই বিলখনলৈ পুনৰ ভাবুকি কঢ়িয়াই আনিছে। আমি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ কৰিছো যাতে তেঁও যেন দীপৰ বিলৰ লগতে বিলত মাছ মাৰি জীৱিকা নিৰ্বাহ কৰি অহা প্ৰায় এক হাজাৰ মাছমৰীয়া পৰিয়ালক ৰক্ষা কৰে।

আলাপত সমিতিৰ কৰ্মকৰ্তা আৰু সদস্য ক্ৰমে – সতীশ দাস, ৰত্নেশ্বৰ দাস, ভগৱান দাস, গৌতম দাস, অমূল্য দাস, মুকুন্দ দাস অাৰু বিপুল দাসে ভাগ লৈ দীপৰ বিল সন্দৰ্ভত নিজৰ অনুভব ব্যক্ত কৰে। আনহাতে ১৬ আগষ্টত সমিতিৰ এটা সজাতি দলে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক সাক্ষাৎ কৰে আৰু বিলৰ সংৰক্ষণৰ লগতে মাছমৰীয়া লোকসকলৰ জীৱন – জীৱিকাৰ দিশটো নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শীঘ্ৰে এখন বৈঠক অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।

Related Articles