Breaking

ৰুণা লাইলাৰ ছবি “পিঞ্জৰা”ক পাঁচটাকৈ বঁটা ! চলচ্চিত্ৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হোৱা ছবিখনে শীঘ্ৰে লাভ কৰিব মুক্তি…

0 23

ৰুণা লাইলাৰ ছবি “পিঞ্জৰা”ক পাঁচটাকৈ বঁটা ;
চলচিত্ৰ সমালোচকৰ দ্বাৰা প্ৰশংসিত হোৱা ছবিখনে শীঘ্ৰে লাভ কৰিব মুক্তি

শীঘ্ৰে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তিপাবলগীয়া অসমীয়া ছবি “পিঞ্জৰা”য়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত মনোনয়ন লাভ কৰি বিভিন্নজনৰ পৰা উচ্চ প্ৰশংসিত হোৱাৰ লগতে কেইবাটাও ভিন্ন শিতানত বঁটা লাভ কৰিবলৈও সক্ষম হৈছে। অলপতে “Amader International Film Festival”ত প্ৰদৰ্শিত হৈ প্ৰায় ১,০০০ খন ছবিৰ ভিতৰত তিনিটাকৈ শ্ৰেষ্ঠত্বৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে “পিঞ্জৰা” য়ে। আনহাতে কালি “Roshani

International Film Festival 2024″ aurangabad ত ছবিখন প্ৰদৰ্শিত কৰা হয় আৰু ইয়াৰ সমান্তৰালকৈ পাঁচটাকৈ শিতানত পুৰস্কাৰ লাভ কৰিছে ছবিখনে। । JRM production ৰ বেনাৰত ৰুণা লাইলাৰ প্ৰযোজনা আৰু তেওঁৰ কাহিনীৰ আধাৰত নিৰ্মিত “পিঞ্জৰা”ৰ পৰিচালনা কৰিছে অসীম হাজৰিকাই আৰু চিত্ৰনাট্য দিগন্ত বৰা।আনহাতে এই সন্দৰ্ভত ৰুণা লাইলাই কয় – ছবিখনৰ আটাইতকৈ ভাল লগা বিষয়টো এয়াই যে এই ছবিখনত আকৌ এবাৰ আমি অসমীয়া সাংস্কৃতিক জগতৰ মহীৰূহ নিপন গোস্বামীৰ অভিনয় দেখিবলৈ পাম। লগতে ইয়াত আছে বিদ্যা ৰাও,

নিপন গোস্বামীৰ বোৱাৰী তথা এগৰাকী অভিনেত্ৰী কিনকিনী ভট্টাচাৰ্য, ড° জয় বৰা , উদয়ন দুৱৰা, চিমি ৰিয়ান, তুহিন কন্যা , শিশু অভিনেত্ৰী পৰ্নিকা চৌধুৰীৰ লগতে বন্দনা বৰুৱা আৰু বহুতো ন পুৰণি শিল্পী যে অভিনয় কৰিছে। ছবিখনে বঁটা লাভ কৰি পুনৰ এবাৰ অসমীয়া চলচিত্ৰ উদ্যোগলৈ গৌৰৱ কঢ়িয়াই আনিছে । Roshni international film festival 2024 Aurangabad Maharashtra ত শিশু অভিনেত্ৰী পাৰ্নিকা চৌধুৰীয়ে শ্ৰেষ্ঠ শিশু শিল্পী, শ্ৰেষ্ঠ নায়িকাৰ সন্মান কিনকিনী ভট্টাচাৰ্যই , শ্ৰেষ্ঠ গীতিকাৰ বঁটা ৰুণা লাইলাই , শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা হৰ্ষিতা ভট্টাচাৰ্য্যই , শ্ৰেষ্ঠ ছবি পৰিচালক বঁটা অসীম হাজৰিকাই লাভ কৰে ।

Leave A Reply

Your email address will not be published.