Breaking

বৰপেটাত বিজ্ঞান আৰু গণিত বিষয়ৰ ওপৰত পাঁচদিনীয়াকৈ প্ৰশিক্ষণ…

0 32

বৰপেটা চহৰত অৱস্থিত দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পাঁচদিনীয়াকৈ খণ্ডভিত্তিক প্ৰশিক্ষণ কালিৰে পৰা আৰম্ভ হৈছে। বৰপেটা শিক্ষাখণ্ডৰ ৩৬ টা মণ্ডল সমল কেন্দ্ৰৰ গণিত আৰু বিজ্ঞান শিক্ষকসকল উপস্থিত থকা এই প্ৰশিক্ষণটো এগছি বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত (শিক্ষা) তথা সমগ্ৰ শিক্ষা বৰপেটাৰ জিলা মিছন সমন্বয়ক জয়ন্ত বৰাই। উদ্বোধনী ভাষণত জয়ন্ত বৰাই বিজ্ঞান আৰু গণিত শিক্ষণ আনন্দদায়ক আৰু ক্ৰীয়াকলাপ ভিত্তিক হোৱাৰ ওপৰত গুৰুত্ব দি শিক্ষক প্ৰশিক্ষাৰ্থীসকলক এই দিশত জোৰ দিবলৈ কয়।

এই অনুষ্ঠানতে উপস্থিত থাকি সমগ্ৰ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণ গোটৰ জিলা আচঁনি বিষয়া চিতাংগ ডেকাই বিজ্ঞান শিক্ষক-শিক্ষয়িত্ৰীসকলৰ এই প্ৰশিক্ষণ বৰপেটা জিলাৰ সাতোটা শিক্ষা খণ্ডতে অনুষ্ঠিত হোৱাৰ বিষয়ে শিক্ষক প্ৰশিক্ষাৰ্থীসকলক অৱগত কৰায়। আনহাতে বৰপেটা শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্যই শিক্ষকসকলক প্ৰশিক্ষণত লাভ কৰা জ্ঞানৰ উপৰিও সৃজনীমূলক কৰ্মৰাজিৰে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈ আহ্বান জনায়। আজিৰ এই উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে সমগ্ৰ শিক্ষা বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসে।

সভাত বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ক্ৰমে দ্বিজেন্দ্ৰ কৃষ্ণ মিশ্ৰ, প্ৰসেনজিৎ শৰ্মা আৰু দক্ষিণ বৰপেটা বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চাৰু চক্ৰৱৰ্তীও উপস্থিত থাকে। প্ৰশিক্ষণটোত সমল ব্যক্তি হিচাপে শিক্ষক হিৰণ্য কুমাৰ চৌধুৰী, জ্যোতিৰ্ময় দাস, মুকুন্দ দাস, চন্দন কুমাৰ দাস আৰু শিক্ষয়িত্ৰী অপৰ্ণা দাস উপস্থিত থাকে। আনহাতে প্ৰশিক্ষণ শিবিৰৰ পৰিচালনাৰ দায়িত্বত থাকে বৰপেটা শিক্ষাখণ্ডৰ মণ্ডল সমল কেন্দ্র সমন্বয়ক ক্ৰমে কণজিৎ দাস, নবজিৎ দাস, হৰ্ষজিৎ দাস, তৰু দাস আৰু অঞ্জুমণি ডেকা।

Leave A Reply