Breaking

দেশত বৃদ্ধি পাইছে কৰ’না, এদিনত পাঁচজন লোকৰ মৃত্যু! বিশ্ব স্বাস্থ্য সংস্থাইও জাৰি কৰিছে সতৰ্কবাণী

0 82

যোৱা ২৪ ঘন্টাত দেশত ৩৩৫ জন নতুনকৈ কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। ৫জন লোকৰ মৃত্যু। বৰ্তমান সমগ্ৰ দেশতে কৰ’না ৰোগীৰ সংখ্যা ১৭০১ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি দেওবাৰে কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৫ জন লোকৰ ভিতৰত চাৰিজন কেৰালাৰ বাসিন্দা। তদুপৰি উত্তৰ প্ৰদেশৰ পৰা এজনৰ মৃত্যুৰ তথ্য পোৱা গৈছে। নতুন প্ৰকাৰৰ কৰ’নাৰ সন্ধান লাভ কৰাত কেৰালাত বৃদ্ধি পাইছে উদ্বেগ। যাৰ নাম JN.1।

Corona ৰ এটা নতুন ৰূপ Jn.1 যোৱা ছেপ্টেম্বৰ মাহত প্ৰথমবাৰৰ বাবে আমেৰিকাত পোৱা গৈছিল। তেতিয়াৰ পৰা এই ভাইৰাছৰ এই ভিন্নতা থকা কেইবাজনো ৰোগীৰ খবৰ পোৱা গৈছে। শেহতীয়াকৈ চীনত JN.1 চিন্তাৰ কাৰণ হৈ পৰিছে। সাতজন লোকৰ মৃত্যুয়ে সকলোকে ভয়াৰ্ত কৰি তুলিছে।

বিভিন্ন দেশত পুনৰ মূৰ তুলিবলৈ আৰম্ভ কৰিছে কৰ’নাই। এই সন্দৰ্ভত সকীয়াই দিছে বিশ্ব স্বাস্থ্য সংস্থাই। ইতিমধ্যে বিভিন্ন দেশক এই ক্ষেত্ৰত অতিৰিক্ত সাৱধান হ’বলৈ পৰামৰ্শ দিছে। মাৰিয়া ভান কেৰকভ হৈছে WHO ৰ এগৰাকী বিষয়া যিয়ে কৰ’না বিষয়ৰ তদাৰক কৰে।

সংগঠনটোৱে ভিডিঅ’-মেছেজৰ জৰিয়তে তেওঁৰ এই পৰামৰ্শ প্ৰকাশ কৰে। বিষয়াগৰাকীয়ে ক’লে, কিয় এইবাৰ হঠাতে পুনৰ উত্থান হ’বলৈ আৰম্ভ কৰিছে ক’ৰ’না। ইয়াৰ লগতে কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়েও বুজাই দিলে। বিভিন্ন দেশত নতুনকৈ ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি আৰু JN.1 ধৰা পৰাৰ ফলত স্বাস্থ্য বিশেষজ্ঞসকল সতৰ্ক হ’বলৈ বাধ্য হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াগৰাকীৰ মতে, ৬৮ শতাংশ কৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ শৰীৰত এক্সবিবি থাকে। ৰোগীৰ শৰীৰৰ বাকী অংশত JN.1 চলাচল কৰি আছে। শীতকালত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিয়া হৈছে।

Leave A Reply

Your email address will not be published.