Breaking

লখিমপুৰত পাঁচ ড্রাগছ বেপাৰীয়ে হত্যা কৰিলে কলেজীয়া ছাত্ৰক: তিনিজনক আটক

0 7,131


উত্তৰ লখিমপুৰ নগৰৰ চাপৰি গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । উক্ত গাঁৱত পাঁচ ড্ৰাগছ বেপাৰীয়ে এজন কলেজীয়া ছাত্ৰক হত্যা কৰি সোমদিৰি নদীত পেলাই দিয়া ঘটনাই এলেকাটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ।

নিহত ছাত্ৰ জন উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত তাবিদ হুছেইন চৌধুৰী। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰীক বাধা দিয়াৰ বাবেই এই ঘটনা সংঘটিত কৰে । পাঁচ ড্ৰাগছ বেপাৰীয়ে ঘুচিয়াই লাঠিৰে মৰিয়াই হত্যা কৰিলে কলেজীয়া ছাত্ৰজনক আৰু পেলাই দিলে নদীত । বৃহস্পতিবাৰে পুৱা এছ ডি আৰ এফ বাহিনীয়ে সোমদিৰি নদীৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো ।

পৰিয়ালৰ অভিযোগ – বুধবাৰে সন্ধ্যা প্ৰায় ৬ বজাত চাপৰি গাঁৱৰ পাপু হুছেইনৰ পুত্ৰ তাবিদ হুছেইনে এখন হোটেলত চাহ খাই থাকোতে এটা ড্ৰাগছ খোৱা যুৱকৰ দলৰ সন্মুখীন হৈছিল । দলটোৱে তাবিদক উক্ত ঠাইৰ পৰা আঁতৰি যাবলৈ কৈছিল । ইয়াৰ পাছতে দলটোৱে ছাত্ৰজনক বেয়াকৈ মাৰপিত কৰি ওচৰৰ পুখুৰীত পেলাই দিয়ে । তেতিয়াৰ পৰা ছাত্ৰজন সন্ধানহীন হৈ আছিল ।

উল্লেখ যে উক্ত ড্ৰাগছ সৰবৰাহকাৰী দলটোক বাধা দিয়াৰ বাবেই সংঘটিত কৰে এই ঘটনা । আকবৰ, বাতেন, পেটুৱা ড্ৰাইভাৰ, আমিৰ আৰু ফালুৱে হত্যা কৰাৰ অভিযোগ নিহত ছাত্ৰ জনৰ পৰিয়ালৰ ।আৰক্ষীয়ে ইতিমধ্যে তিনি অভিযুক্তক আটক কৰিছে ।

তেওঁলোক হৈছে – ৰহমান আলি ওৰফে পেটুৱা (৩৬), আব্দুল বাটেন চেইখ (৪৮), আৰু আকবৰ খান (৪২ ) এই আটাইকেইন চাপৰি গাঁও ১২ নং ৱাৰ্ডৰ বাসিন্দা; আৰু দুই অভিযুক্ত পলাতক অৱস্থাত আছে । হত্যা কাণ্ডৰ ঘটনাক কেন্দ্র কৰি তীব্র উত্তেজনাই বিৰাজ কৰিছে চাপৰি গাওঁ অঞ্চলত । আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।

Leave A Reply

Your email address will not be published.