Breaking

নুমলীগড় শোধানাগাৰৰ বজালীলৈ পাঁচটা অক্সিজেন কনচেনট্ৰেটৰ

0 1,052

ক্ৰমাৎ  বজালী  জিলাত  ক’ভিডৰ  প্ৰাৱল্য নিম্নমুখী হোৱা পৰিলক্ষিত হৈছে । প্ৰতিদিনে  ব্যাপক হাৰত  কভিডৰ  পৰীক্ষা  জিলাখনৰ  ভিন্ন প্ৰান্তত  হৈ  থকাৰ   উপৰিও  জিলাখনৰ  চিকিৎসালয় সমূহত  আৰু স্বাস্হ্যকেন্দ্ৰ বোৰত প্ৰতিষেধক প্ৰদান  কাৰ্যসূচী  অব্যাহত আছে।  মনকৰিবলগা কথা যে, জনসাধাৰণে  জিলা  প্ৰশাসনে  কৰা  নিৰন্তৰ আহ্বানৰ  প্ৰতি  সহাঁৰি  দি   কভিড পৰীক্ষা আৰু  প্ৰতিষেধক  লোৱাৰ  বাবে  আগবাঢ়ি অহা  পৰিলক্ষিত  হৈছে ।  উল্লেখ্য  যে, ক’ভিড  যুদ্ধ খনত  সহায়ক  হোৱাকৈ নুমুলীগড়  শোধানাগাৰে  আজি  বজালী  জিলা  প্ৰশাসনক পাঁচটা অক্সিজেন  কনচেনট্ৰেটৰ  প্ৰদান  কৰিছে  । ইয়াৰ পূৰ্বেও  জিলা  উপায়ুক্ত গৰাকীৰ  অনুৰোধত    জিলা  প্ৰশাসনক  দুটামান  সংস্হাই  কনচেনট্ৰেটৰ  যোগান  ধৰিছিল । ইপিনে,  পাটাছাৰকুছিস্থিত  নিৰ্মল  হালৈ  মহাবিদ্যালয়ত  প্ৰশাসনে  স্হাপন কৰা  ক’ভিড  কেন্দ্ৰত কে’বাগৰাকীও   ক’ভিড  সক্ৰিয়  ৰোগীক  চিকিৎসা  প্ৰদান  কৰি  আছে  জিলা  প্ৰশাসনৰ  তত্বাৱধানত স্বাস্হ্য বিভাগে । জিলাখনত  ক’ভিডৰ  সংক্ৰমণ  ৰোধ  কৰাৰ  বাবে  প্ৰশাসনে  ব্যাপক  তৎপৰতা  অবলম্বন  কৰিছে   আৰু সম্ভাব্য  পৰিস্হিতিৰ  স’তে   মুখামুখি  হোৱাৰ  বাবে   সস্তম  হৈ  আছে।

Leave A Reply