Breaking

লাডাখৰ নৈত টেংক ডুবি ৫ জোৱান নিহত

0 23

শনিবাৰে লাডাখত ভাৰতীয় সেনাৰ টেংকত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। ঘটনাৰ বিৱৰণী অনুসৰি লাডাখৰ দৌলত বেগ ওল্ডিত ভাৰতীয় সেনাই টেংক অনুশীলন চলাই আছিল। তেনে সময়ছোৱাতে লাডাখৰ সেনাৰ টেংক টি-৭২ শ্বায়োক নদীৰ মাজত আবদ্ধ হৈ পৰে। তাৰফলত আবদ্ধ হৈ পৰা টেংকখনত পানী সোমাই যোৱাত কেইবাগৰাকীও ভাৰতীয় সেনা ভিতৰতে থাকি যায়। ইয়াৰ পিছতে শনিবাৰে টেংকখনত থকা সেনাৰ বিষয়াসহ ৫ জনকৈ সেনা জোৱানৰ মৃত্যুমুখত পৰে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত হয়।

নিশা ১ বজাত লেহৰ পৰা ১৪৮ কিলোমিটাৰ আঁতৰত সংঘটিত হোৱাৰ ঘটনাৰ পাছত শনিবাৰে পুৱা পৰ্যন্ত উদ্ধাৰ অভিযান চলে। উদ্ধাৰকাৰী অভিযান দলটোৱে শেষত সেনা জোৱান, বিষয়াৰ মৃতদেহ উদ্ধাৰ কৰে বুলি সেনাৰ শীৰ্ষতম মহল সূত্ৰই উল্লেখ কৰে। পূৰ্বেও বিগত বছৰত লেহ জিলাত এখন সেনাৰ ট্ৰাক পথৰ পৰা দ খাঁৱৈত বাগৰি পৰি এগৰাকী জেচিঅ’সহ ৯ গৰাকী সেনা জোৱান নিহত হৈছিল।

Leave A Reply