Breaking

ছিপাঝাৰৰ দুমুনিচকীত সুৰঞ্জনা আশ্ৰম আৰু নৰ্মদা ফাউণ্ডেচনৰ বান সাহায্য প্ৰদান

0 1,590

গুৱাহাটীস্থিত সুৰঞ্জনা আশ্ৰম আৰু নৰ্মদা ফাউণ্ডেচনৰ কৰ্মকৰ্তাৰ এক প্ৰতিনিধি দলে শনিবাৰে ছিপাঝাৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দুমুনিচকী অঞ্চলৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি ৰাইজৰ দুখ দুৰ্গতিৰ বুজ লয়।দুমুনিচকী বানাক্ৰান্ত ৰাইজক চাউল, দাইল,নিমখ, মিঠাতেল, বিস্কুট চাবোন আদি বিতৰণ কৰে। আনহাতে ক’ভিডৰ পৰা ৰাইজক সুৰক্ষা হৈ থাকিবলৈ মাক্স চেনিটাইজাৰ আদিও বিতৰণ কৰে।ফাউণ্ডেচনৰ সদস্য সকলে । দুমুনিচকীস্থিত দৰং দুৱাৰ ক্লাৱত উপস্থিত হৈ সামগ্ৰীসমূহ বিতৰণ কৰে।

বিতৰণ কাৰ্যসূচীত ফাউণ্ডেচনৰ সাধৰণ সম্পাদক বিশাল দাস ,সম্পাদক প্ৰয়োগ অধিকাৰী, সুৰঞ্জনা আশ্ৰমৰ সভানেত্ৰী সুৰ্দশা দত্ত সাধৰণ সম্পাদিকা প্ৰিয়াংশী গগৈৰ।

লগতে দুমুনিচকী সমাজকৰ্মী কিৰন কাকতি ,মমতাজ আলী কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰাক্তন আছু নেতা দায়েদামুল হক চৌধূৰয়ে আঁতধৰা সাহাৰ্য বিতৰণ কাৰ্যসূচীত শতাধিক বানাক্ৰান্ত ৰাইজক সাহাৰ্য প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.