হোজাইত বান পৰিস্থিতি অপৰিবৰ্তিত, প্লাবিত ন ন অঞ্চল…

আজিও অপৰিৱৰ্তীত হোজাই জিলাৰ বান পৰিস্থিতি।বিগত দুটা দিন মুষলধাৰ বৰষুণৰ ফলত কপিলী আৰু যমুনানৈয়ে  ফেনে ফোটোকাৰে বাঢ়িছে ।ফলত বানৰ কবলত পৰিছে হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ বহুকেইখন গাঁও।হোজাই আৰু পশ্চিম কাৰ্বি আংলংৰ মাজত   যোগাযোগ বিচ্ছিন্ন পৰিছে।বানৰ কবলত জলবন্দীহৈ পৰিছে বহু পৰিয়াল। যমুনামুখ সমষ্টিৰ চাংজুৰাই-পটিয়াপাম গাঁৱৰ কপিলী নৈৰ এটা  মথাউৰি বানে চিঙি নিয়ে।সেই চিঙা মথাউৰিৰে হুৰাহুৰে পানী সোমাইছে।চাংজুৰাই, পটীয়াপাম, কহাৰগাওঁ, কাটকটীয়া ভকতগাঁৱৰ লগতে জংঘল ব্লক ৰোডৰ মথাউৰি চিগি  চাৰ্লক,জংগল ব্লক,আদি কৰি কেইবাখনোগাওঁ বানৰ কৱলত পৰিছে।

হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ খেতিৰ লগতে মৰাপাটখেতিও বানত বুৰ যায়।পাব্লিত হৈছে ন ন অঞ্চল।কালামণিজান মথাউৰিৰ ওপৰেৰে পানী বাগৰিছে ।যমুনাচিত মথাউৰিৰো ফাট মেলিছে ।যিকোনো সময়তে যমুনাচিত মঠাউৰি চিগাৰ আশংকাই দেখা দিছে। লংকাৰ কাৰিখানা মঠাউৰিও চিঙাৰ আংশকাই দেখা দিছে ।আজি বিয়লি হোজাই জিলাৰ উপায়ুক্ত  অনুপম চৌধুৰী,আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থ ,আৰু যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমলৰ  ৰাজনৈতিক সচিব আকবৰ আলীয়ে যমুনামুখ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ লয়।হোজাই জিলাৰ উপায়ুক্তই জনোৱামতে ৮ টা আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে।তদুপৰি বহুলোকে ওখ স্থানত আশ্ৰয় লৈছে।পৰিস্থিতিৰ পৰিবৰ্তন নহলে হোজাই জিলাত বানে ভয়াবহ পৰিস্থিতি সৃষ্টি কৰাৰ আশংকাই দেখা দিছে।হোজাই জিলা প্ৰশাসন সষ্টম হৈ পৰিছে৷

Related Articles