শীতকালত শৰীৰটো সুস্থ আৰু আৰামদায়ক কৰি ৰখাটো এক প্ৰত্যাহ্বানৰ দৰে। এনে পৰিস্থিতিত গৰম পানীত ভৰি থৈ বহি থকা এটা সহজ আৰু অতি ফলপ্ৰসূ পদ্ধতি, যিয়ে আপোনাৰ শৰীৰটোক বহুতো উপকাৰ দিব। বিশেষ কথাটো হ’ল এই প্ৰক্ৰিয়াটো গ্ৰহণ কৰিবলৈ কোনো ব্যয়বহুল চিকিৎসাৰ প্ৰয়োজন নাই। এই কামটো আপুনি ঘৰতে সহজে কৰিব পাৰে। প্ৰতিদিনে মাত্ৰ ১০ মিনিট গৰম পানীত ভৰি দুখন তিয়াই বহি থাকিলে শৰীৰৰ ৬টা আচৰিত উপকাৰ হ’ব।(Foot In Warm Water)
গৰম পানীত ভৰি তিয়াই বহি থাকিলে শৰীৰৰ স্নায়ুতন্ত্ৰ শিথিল হৈ পৰে, যাৰ ফলত গোটেই দিনটো মানসিক চাপ আৰু ভাগৰ কমিব। এনে কাৰ্যই মনক শান্তি দিয়ে আৰু লগতে আপোনাক শিথিল অনুভৱ কৰায়।
ভৰি দুখন গৰম পানীত তিয়াই ৰাখিলে শৰীৰত ৰক্ত সঞ্চালন উন্নত হয়। ইয়াৰ ফলত হাত-ভৰিৰ ভাগৰ দূৰ হয় আৰু শৰীৰত উষ্ণতা বজাই ৰাখে।
গোটেই দিনটো কাম কৰিলে বা বেছি সময় থিয় হৈ থাকিলে ভৰি দুখন ফুলি উঠিব পাৰে। তেতিয়া ভৰি দুখন গৰম পানীত তিয়াই দিলে ফুলা আৰু বিষৰ পৰা উপশম পাব। ইয়াৰ বাবে পানীত অলপ নিমখো দিব পাৰে।
যদি আপুনি টোপনিত সমস্যাত ভুগিছে, তেন্তে ৰাতি শুই উঠাৰ আগতে ১০ মিনিট গৰম পানীত ভৰি তিয়াই শুব লাগে। এই প্ৰক্ৰিয়াই শৰীৰক শান্ত কৰাৰ লগতে ভাল টোপনি অহাত সহায় কৰে।
ভৰি দুখন গৰম পানীত তিয়ালে ছালৰ ছিদ্ৰবোৰ খোল খায়, যাৰ বাবে মলি আৰু মৰা ছাল সহজে আঁতৰি যায়। ভৰিৰ ছালক পৰিষ্কাৰ আৰু সুস্থ কৰি তোলে।
গৰম পানীত ভৰি দুখন তিয়ালে শৰীৰত উষ্ণতা পোৱা যায়, যাৰ ফলত চৰ্দি আৰু কাহৰ সমস্যাৰ পৰা সকাহ পোৱা যায়।