Football League : মৰিগাঁও “এ” ডিভিজন ফুটবল লীগত নৱজ্যোতি ক্লাৱ চেম্পিয়ন

Football League : দৈনন্দিন বাৰ্তাৰ সেৱা, মৰিগাঁও, ১৩ অক্টোবৰ : মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ১০টা শক্তিশালী ফুটবল দলৰ অংশগ্ৰহণৰে মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা স্টেডিয়ামত বিপুল সংখ্যক ফুটবল প্ৰেমী ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে অনুষ্ঠিত হৈ থকা গুনেমাই বৰা আৰু ছাজিৰা বেগম সোঁৱৰণী প্ৰাইজমাণী “এ” ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত তীব্ৰ প্ৰতিদণ্ডিতামূলক ফাইনেল খেলখনত মৰিগাঁও নৱজ্যোতি ক্লাৱে ২-০ গ’লৰ ব্যৱধানত ব’লব’ম ফুটবল ক্লাৱক পৰাভূত কৰি চেম্পিয়নৰ খিতাপ ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে দখল কৰিছে৷

নিমন্ত্ৰিত অতিথি আৰু বিশিষ্ট ক্ৰীড়া সংগঠকসকলৰ উপস্থিতিত মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই শুভ উদ্বোধন কৰা ফাইনেল খেলখনত ব’লব’মৰ খেলুৱৈ সকলে শক্তিশালী খেল প্ৰদৰ্শন কৰি প্ৰথমাৰ্ধত নৱজ্যোতি ক্লাৱক গ’ল স্কৰিং কৰাৰ সুবিধা নিদিলেও খেলৰ দ্বিতীয়াৰ্থত নৱজ্যোতিৰ খেলুৱৈ সকলে অধিক পৰিপক্ব আৰু সংঘবদ্ধ খেল প্ৰদৰ্শন কৰি অধিনায়ক মুস্তাক আহমেদৰ এক দৃষ্টিনন্দন গ’লৰে ১-০ অগ্ৰগতি লাভ কৰাৰ কিছু সময়ৰ পাছতে ফৰৱাৰ্ড ৰঞ্জন দেউৰীয়ে এক কোবাল শ্বতৰ জৰিয়তে ব’লব’মৰ গ’লৰক্ষকক পৰাভূত কৰি নৱজ্যোতিক ২-০ গ’লৰ অপ্ৰতিৰোধ্য অগ্ৰগতি প্ৰদান কৰে৷(Morigaon “A” Division)

মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ যুটীয়া সম্পাদক নাছিৰউদ্দিন আহমেদৰ তত্ত্বাৱধানত আয়োজিত বঁটা বিতৰণী সভাত অসম ফুটবল সন্হাৰ উপ-সভাপতি জিতু বৰদলৈ, জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকা, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামূলী, তিৱা স্বায়ত্ত্ব পৰিষদৰ মনোনীত সদস্য অজিত ডেকা, খেল আয়ুক্ত ৰমেন নাথ, মৰিগাঁও জিলা সাংবাদিক সন্হাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সম্পাদক জিতুমনি নাথ, বিশিষ্ট সাংবাদিক অজিত শৰ্মা, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, ক্ৰীড়া সন্হাৰ উপসভাপতি সকল ক্ৰমে জয় আমচি, মুনীন্দ্ৰ বৰা, নিপুন বৰা, যুটীয়া সম্পাদক বিজয় নাথকে আদি কৰি অনান্য শাখা সম্পাদক আৰু বিষয়ববীয়া সকলৰ উপস্থিতিত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে গৌতম আমচি, সৰ্বাধিক গ’ল স্ক’ৰাৰ হিচাপে নাৰ্ছন বড়ো আৰু ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে মুস্তাক আহমেদক বঁটা প্ৰদান কৰা হয়৷ (Navajyoti Club)

মৰিগাঁও জিলা ক্ৰীড়া সন্হাৰ তৰফৰ পৰা বিজয়ী আৰু বিজিত দলৰ ট্ৰফী-প্ৰাইজমাণীৰ দাতা নিপুন বৰা আৰু কামাল হুছেইনৰ লগতে আজিৰ খেলখন পৰিচালনা কৰা ৰেফাৰী মিন্টু বৰদলৈ, শ্বাহেদূৰ ৰহমান, ভোগসিং বৰদলৈ আৰু পদ্দ পাতৰক সম্ভাষণ জনোৱা হয়৷

Related Articles