গুৱাহাটী, ১৭ নৱেম্বৰঃ নগাঁৱৰ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ ব্যৱস্থাপনাত ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত চলি থকা ইতিহাসপ্ৰসিদ্ধ সিন্ধুৰা হাজৰিকা(Sindhura Hazarika) সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ(Football Tournament) আজি বিয়লি চূড়ান্ত খেলখন অনুষ্ঠিত হয়। খেলখন অনুষ্ঠিত হোৱাৰ পূৰ্বে এক উদ্বোধনী সভা অনুষ্ঠিত হয়।
উৰিয়াগাঁও(Uriagaon) আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে নগাঁও-বটদ্রৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰি ফুটবল প্ৰতিযোগিতাখনৰ শুভ উদ্বোধন কৰে।
উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক জনাৰ্দন গোস্বামী আৰু উপ-সভাপতি ৰাজ হাজৰিকাই আঁত ধৰা সভাখনত বিধায়ক ৰূপক শৰ্মাই ভাষণত কয় যে সুদীৰ্ঘ দিনৰ মূৰত উৰিয়াগাঁও উন্নয়ন সমিতিৰ বিশেষ প্ৰচেষ্টাত উৰিয়াগাঁও খেলপথাৰত যি খেলৰ পৰিবেশ ঘূৰি আহিছে, ই অঞ্চলটোৰ লগতে জিলাখনৰ বাবে ভাল খবৰ।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অধিগ্ৰহণ কৰি ৰখা উৰিয়াগাঁও খেলপথাৰখন পুনৰ স্থানীয় ৰাইজৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা কাৰ্যৰ তেওঁ শলাগ লৈ ভাষণত উৰিয়াগাঁও খেলপথাৰখনত গেলাৰী নির্মাণকে ধৰি অন্যান্য আনুসংগিক কামসমূহ ৰূপায়ণ কৰি উৰিয়াগাঁও খেলপথাৰখনক মিনি ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰা হ’ব বুলি বিধায়ক শৰ্মাই উল্লেখ কৰে।
ভাষণত বিধায়ক শৰ্মাই উৰিয়াগাঁও বাইপাছ চ’কত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকাৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে তেওঁৰ নামত এটা প্ৰতিমূৰ্তি স্থাপন কৰিব বুলি সভাত ঘোষণা কৰে। সভাত জ্যেষ্ঠ সাংবাদিক তথা উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ মুখ্য উপদেষ্টা প্ৰকাশ মহন্তই অংশগ্ৰহণ কৰি ঐতিহাসিক উৰিয়াগাঁও অঞ্চলৰ স্মৃতি ৰোমন্থন কৰি ভাষণত কয় যে উৰিয়াগাঁও অঞ্চলৰ সমৃদ্ধি, ইতিহাস সম্বলিত ঐতিহ্য আছে।
উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে ইতিহাসপ্ৰসিদ্ধ সিন্ধুৰা হাজৰিকাৰ নামত বৰ্তমান ফুটবল খেলখন অনুষ্ঠিত কৰি আহিছে।এতিয়া উঠি অহা চামৰ মাজত প্ৰশ্নৰ উদয় হ’ব সিন্ধুৰা হাজৰিকানো কোন? এইখন উৰিয়াগাঁৱতেই বিশিষ্ট সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম হৈছিল।গতিকে নৱ প্ৰজন্মই সিন্ধুৰা হাজৰিকা, অতুল চন্দ্ৰ হাজৰিকা, ভোটাই ডেকাৰ ইতিহাস সম্পৰ্কে জানিব লাগিব।
গতিকে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিয়ে উৰিয়াগাঁও ইতিহাস সম্বলিত এখন গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি তেওঁ মন্তব্য কৰে।
সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সমাজকৰ্মী সুৰেশ বৰাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে তেওঁক টেলিফোন যোগে উৰিয়াগাঁও খেলপথাৰখনত চৰকাৰী পুঁজিৰ জৰিয়তে মাটি পেলাই উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি ভাষণত বৰাই ৰাইজক অৱগত কৰে।
তদুপৰি সভাত ইতিহাসৰ পাতত ৰজাখেদা নগঞা সিন্ধুৰা হাজৰিকা শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি তথা সমাজকৰ্মী পীতাম্বৰ শইকীয়াই। ইয়াৰ পিছতে অনুষ্ঠিত হয় সিন্ধুৰা হাজৰিকা সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনৰ ফাইনেল খেলখন।
নগাঁৱৰ ইলেভেন ব্ৰাদাছ আৰু ডিমৰুগুৰিৰ উদয়ন সংঘৰ(Dimruguri Udayan Sangha) মাজত অনুষ্ঠিত হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ ফাইনেল খেলত ডিমৰুগুৰি উদয়ন সংঘই ইলেভেন ব্ৰাদাছ, নগাঁওক ২-১ গ’লৰ ব্যৱধানত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ চূড়ান্ত(Final Winner) খিতাপ অৰ্জন কৰে।
আজিৰ খেলখন পৰিচালনা কৰে কৃষ্ণকান্ত দাসে। লাইনত সহায় কৰে কল্যাণ ভূঞা আৰু পাৰ্শ্ব জ্যোতি দাসে।প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে লক্ষ্য দাস, শ্ৰেষ্ঠ উদীয়মান খেলুৱৈ হিচাপে বিদ্যুৎ বনিয়া, চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে জিঝৰ টিৰাং, শ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে ৰোহিত ৰায়, সৰ্বাধিক গ’লদাতা হিচাপে জয়ৰাম তগবিয়ে পুৰস্কাৰ লাভ কৰে।প্ৰতিযোগিতাখনৰ চূড়ান্ত বিজয়ী আৰু বিজিত দলক নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয়।
ফাইনেল খেলখনত ডিমৰুগুৰিৰ উদয়ন সংঘৰ দলৰ হৈ খেলা ৱেষ্ট আফ্ৰিকাৰ (কেমেৰুণ) খেলুৱৈ ষ্টিভ ভেৰাইটিক উন্নয়ন সমিতিৰ তৰফৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
চূড়ান্ত খেলখনত নগাঁও ক্ৰীড়া সন্থাৰ সম্পাদক তপন কুমাৰ দাস, ক্ৰীড়া সাংবাদিক অসীম ভাৱাল, নাট্যকৰ্মী কমলেশ শইকীয়া, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ণ চন্দ্ৰ বনিয়া, ডাঃ হেমন্ত কুমাৰ গোস্বামী, নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি সীমান্ত বৰা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক দ্বীপমণি বৰা, প্ৰচাৰ সম্পাদক দিগন্ত দাস, পৰিষদৰ নগাঁও জিলা সমিতিৰ উপ-সভাপতি প্ৰৱাল শৰ্মা, সাধাৰণ সম্পাদক দেবাশীষ দাস, ৰূপৰাম হাজৰিকা, প্ৰবোধ কুমাৰ বৰা, প্ৰভাত বৰা, কুশৰাম বৰা, বিকি হাজৰিকা, ৰাজু বৰা, জিতুমণি বৰা, মৃদুল হাজৰিকা, দেবেন বৰা,পদুম বৰুৱা, অশোক কুমাৰ বৰা প্ৰমুখ্যে বহু লোক উপস্থিত আছিল।