Breaking

ৰঙিয়া সমষ্টিৰ যুৱক যুৱতী সকলৰ সুবিধাৰ্থে অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন পদৰ বাছনি পৰীক্ষাৰ বাবে বিনামূলীয়া বিশেষ প্ৰশিক্ষণ শিবিৰৰ আয়োজন বিধায়ক ভৱেশ কলিতাৰ…

0 18

ৰঙিয়া সমষ্টিৰ শিক্ষিত যুৱক যুৱতী সকলৰ সুবিধাৰ্থে অসম আৰক্ষীৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অৰ্ধসামৰিক বাহিনীৰ বিভিন্ন পদৰ বাছনি পৰীক্ষাৰ বাবে শাৰীৰিক পৰীক্ষাত যাতে সফলতাৰে উত্তীৰ্ণ হৈ চাকৰিত নিয়োজিত হব পৰাকৈ সম্পূৰ্ণভাৱে প্ৰস্তুত কৰি তুলিবলৈ উত্তৰ কামৰূপ জিলা যুৱ মৰ্চাৰ উদ্যোগত বিনামূলীয়া বিশেষ প্ৰশিক্ষণ শিবিৰ কাৰ্যসূচীৰ আয়োজিত কৰিছে।

এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত সমষ্টিৰ যুৱক যুৱতী সকলক অংশগ্ৰহণ কৰিবলৈ বিনম্ৰ ভাৱে অনুৰোধ জনাই ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই ।

ৰঙিয়াৰ উঠি অহা যুৱ প্ৰজন্ম তথা শিক্ষিত যুৱক যুৱতী সকলে অযথা সময় নষ্ট নকৰি সকলোৱে এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰি এই সুযোগ গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাস ভৱেশ কলিতাৰ ।

এই বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰিবৰ বাবে তলত দিয়া নিম্নলিখিত ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব—-৮৬৩৮২৯৪২২৪, ৭০০২৩৭৬৮৪৫, ৯১০১৯৬০৯০৪

Leave A Reply

Your email address will not be published.