Breaking

বিয়াৰ পিচত প্ৰথমবাৰলৈ যুটীয়া নৃত্যৰে অতিথিৰ আগত নৱ-দম্পতী…

0 22

দেওবাৰে মুম্বাইত এক অন্তৰংগ অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হা আৰু জাহীৰ ইকবাল বিবাহপাশত আৱদ্ধ হয়।ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ উপস্থিতিত সাত বছৰতকৈ অধিক সময় ধৰি থকা প্ৰেমৰ সম্পৰ্কক তেওঁলোকে নাম দিয়ে বিয়াৰ৷এতিয়া তেওঁলোকৰ বিয়াৰ অভ্যৰ্থনাৰ ভিডিঅ’ আৰু ফটো ইণ্টাৰনেটত ভাইৰেল হৈছে৷ৰাজহুৱাভাৱে তেওঁলোকৰ প্ৰথম নৃত্যৰ পৰা আৰম্ভ কৰি বলীউডৰ চেলেব্ৰিটীসকলে অনুষ্ঠানটোৰ শোভা বঢ়োৱালৈকে সকলো আপোনালোকে ইয়াতে চাব পাৰিব। বিয়াৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা দিয়া দাবাং অভিনেত্ৰীগৰাকীয়ে ৰঙা ৰঙৰ ৰেচমৰ শাৰী পিন্ধে, আনহাতে দৰা জাহীৰে পিন্ধে ক্ৰীম ৰঙৰ শ্বেৰৱানী।বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত নৱ-দম্পতীয়ে উৎসাহেৰে স্বামী-স্ত্ৰী হিচাপে ফটোৰ বাবে প’জ দিয়ে। শাৰীখনৰ লগত চ’কাৰ ষ্টাইলৰ সেউজীয়া আৰু সোণালী ৰঙৰ নেকলেচ, একেই ওলমি থকা কাণফুলি আৰু ৰঙা খাৰু পিন্ধি নিজকে কইনা ৰূপত সজাই সোনাক্ষীয়ে।সিন্হাই অভ্যৰ্থনাৰ সময়ত খোপা বান্ধিছিল আৰু খোপাটো জেচমিন ফুলৰ মালাৰে সজাইছিল৷

অধিক আকৰ্ষণীয় লুকৰ বাবে ন-কইনাই গধুৰ মেকআপৰ সৈতে উইংগড্ আইলাইনাৰ লগাইছিল৷ ৰঙা ৰঙৰ শাৰীত টিকটিকীয়া সেন্দুৰেৰে সোনাক্ষীৰ কইনা লুকটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল ৷আনহাতে, বগা শ্বেৰৱানী পিন্ধা জাহীৰক এক সতেজ ৰূপত দেখা গৈছিল৷পত্নী সোনাক্ষীয়ে তেওঁক ওচৰলৈ টানি নিয়াৰ লগে লগে অভ্যৰ্থনাৰ সময়ত জাহীৰৰ মুখত হাঁহি বিয়পি পৰিছিল ৷ আনুষ্ঠানিক ফটো শ্বুটৰ পিচত নৱবিবাহিত দম্পতীয়ে পাপাৰাজ্জীৰ সৈতে দলীয় ফটো তোলে৷ গোটেই দিনটোৰ তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰা শ্বাটাৰবাগক আনন্দিত কৰি তোলে।অভ্যৰ্থনা অনুষ্ঠানলৈ বলীউডৰ তাৰকাৰ সোঁত বয়৷ ছায়েৰা বানো, ৰেখাৰ পৰা আৰম্ভ কৰি সোনাক্ষীৰ হীৰামাণ্ডীৰ সহ-অভিনেত্ৰীসকলে তেওঁৰ বিশেষ দিনটোত তেওঁক সংগ দিয়ে৷ডিজে গণেশে নিশাটো বলীউড সংগীতেৰে উৎসৱমুখৰ কৰি তোলে৷অদিতি ৰাও হাইদৰী, সিদ্ধাৰ্থ, হুমা কুৰেশ্বী, ৰিছা চাড্ডা, সঞ্জীদা শ্বেইখ সকলোৱে নিজৰ উপস্থিতিৰে অনুষ্ঠান শোভা বঢ়ায়৷অৱশ্যে শ্বাটাৰবাগসকলক আটাইতকৈ উৎসাহিত কৰা চেলেব্ৰিটী প্ৰৱেশটো আছিল বলীউডৰ চুপাৰষ্টাৰ ছলমান খানৰ । অভিনেতাজনে সোনাক্ষী আৰু জাহীৰৰ প্ৰেম কাহিনীত কিউপিডৰ ভূমিকা ৰূপায়ণ কৰিছিল বুলি কোৱা হয়।

Leave A Reply