Breaking

Forest guard found dead in Orang: প্ৰায় আঢ়ৈ ঘণ্টা ধৰি বাঘৰ মুখত ধনমণি ডেকা…

0 37

বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা । ৰাইফল হাতত লৈ গৈ থকা অৱস্থাত সতীৰ্থৰ সন্মুখৰ পৰাই প্ৰকাণ্ড বাঘে এজন গৃহৰক্ষী জোৱানক থপিয়াই লৈ গ’ল ঘন জঙ্গললৈ(Forest guard found dead in Orang) ।

দৈনন্দিন বাৰ্তা,২৯ আগষ্ট: বুধবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা। ৰাইফল হাতত লৈ গৈ থকা অৱস্থাত সতীৰ্থৰ সন্মুখৰ পৰাই প্ৰকাণ্ড বাঘে এজন গৃহৰক্ষী জোৱানক থপিয়াই লৈ গ’ল ঘন জংঘললৈ। জানিব পৰা মতে বুধবাৰে সন্ধিয়াৰ ভাগত উদ্যান খনৰ বিলপাৰ বন শিবিৰত কৰ্মৰত গৃহৰক্ষী জোৱান ধনমণি ডেকা আৰু হাতীৰ মাউত শ্বাহাজুল হকৰ সৈতে হাতী লৰাবলৈ পাছনৈৰ পাৰে পাৰে কাহিবাৰী বন শিবিৰলৈ গৈছিল আবেলি প্ৰায় ৫:৩০ বজাত। সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

এটা প্ৰকাণ্ড বাঘে আক্ৰমণ কৰি থপিয়াই ধনমণি ডেকাক জংঘললৈ যোৱাৰ সময়তে ধনমণিয়ে চিঞৰি মাতিছিল সতীৰ্থ শ্বাহাজুল হকক। সেই সময়তে শ্বাহাজুল হকে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা। ধনমণিক কিছু নিলগত চোচৰাই লৈ যোৱাৰ পিছতে ধনমণিৰ হাতৰ পৰা পিছলি পৰে ৰাইফল। পিছত সতীৰ্থ হাতীৰ মাউত শ্বাহাজুল হকে বাৰ বাৰ গুলি ফুটুৱাৰ পিছতো বাঘে এৰি দিয়া নাছিল ধনমণিক।

তৎক্ষণাত সেই খবৰ বিয়পি পৰে সমগ্ৰ উদ্যানত৷ তাৰ পিছতেই উদ্যান খনত চলে ধনমণিক বিচাৰি তীব্ৰ উদ্ধাৰ অভিযান। অভিযানত প্ৰায় ১০ টা হাতীৰ জৰিয়তে ৫০ গৰাকী বনকৰ্মীৰ দলে চলাই অভিযান। প্ৰায় আঢ়ৈ ঘণ্টাৰ শ্বাসৰুদ্ধকৰ অভিযানৰ অন্তত উদ্ধাৰ হয় সৎ, আদৰ্শবান তথা সদায় সকলো কামত আগ-ভাগ লোৱা ব্যক্তি ধনমণি ডেকাৰ মৃতদেহ। ধনমনি ডেকা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ অভিজ্ঞ বনকৰ্মচাৰী। ধনমনি ডেকা গৃহৰক্ষী জোৱান হিচাপে ওৰাঙত একেৰাহে ১৫ বছৰ মান সেৱা আগবঢ়াই আহিছিল।


ধনমনি ৩২ বছৰীয়া চফল ডেকা। ঘৰ ছিপাঝাৰৰ হাতীমৰা নগাঁৱত। দীৰ্ঘ কাল সেৱা আগবঢ়ায় অহা সূত্ৰে সকলো কামতে অভিজ্ঞ আৰু পাৰদৰ্শী। ধনমনিয়ে কেইমাহ মানৰ আগতে বিয়া কৰাইছিল ৷ এনে ঘটনা অতি বিৰল। ওৰাঙত সম্ভৱতঃ ২০০৬ চন মানত এনে ধৰণৰ এটা ঘটনা ঘটিছিল। সম্প্ৰতি সমগ্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰিছে শোকৰ ছাঁ।

লগতে পঢ়ক: ছিপাঝাৰৰ ভেৰুৱাত মিণ্টু শৰ্মা নামৰ যুৱকজনক ডকাইতৰ আক্ৰমণ…

Leave A Reply

Your email address will not be published.