Breaking

কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান ৰমেন বৰঠাকুৰৰ

0 12

গুৱাহাটী, জুলাই – দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব প্ৰদান কৰা ৰমেন বৰঠাকুৰে অৱশেষত কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰিলে। আজি নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী আৰু উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত আপত যোগদান কৰে।

প্ৰাক্তন কংগ্ৰেছ নেতাগৰাকীক দললৈ আদৰণি জনাই আতিশীয়ে কয়-“ৰমেন বৰঠাকুৰে সুদীৰ্ঘ ২৩ বছৰ ধৰি কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব দিছিল। প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ হিচাপে দায়িত্ব পালন কৰা বৰঠাকুৰে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত জালুকবাৰী সমষ্টিত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আমি তেওঁক আপলৈ আদৰণি জনাবলৈ পাই সুখী হৈছোঁ। ” আতিশীয়ে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীৰ বিজয়ৰ উপৰি তিনিচুকীয়া আৰু লখিমপুৰ পৌৰ সভাৰ নিৰ্বাচনতো আপৰ প্ৰাৰ্থীয়ে জনসাধাৰণৰ সমৰ্থন লাভ কৰাৰ প্ৰসংগ উল্লেখ কৰে। বিগত লোকসভাৰ নিৰ্বাচনত ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিত আপৰ প্ৰাৰ্থীয়ে দলৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এই সময়তে ৰমেন বৰঠাকুৰৰ যোগদানে আপৰ ভেটি সুদৃঢ় কৰিব বুলি আতিশীয়ে আশা প্ৰকাশ কৰে।

সংবাদমেলত দলটোৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয়, “ৰমেন বৰঠাকুৰৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাই অসমত আপক উপকৃত কৰিব। ৰাজ্যখনৰ জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত বৰঠাকুৰে বিভিন্ন আন্দোলনৰ সৈতে জড়িত হৈছিল। বিগত দিনবোৰত তেওঁ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু অপশাসনৰ বিৰুদ্ধে সদা জাগ্ৰত প্ৰহৰীৰ দৰে ভূমিকা পালন কৰি আহিছে। এতিয়াৰ পৰা আমি একেলগে আপক আগবঢ়াই লৈ যোৱাৰ বাবে কাম কৰিম।” সংবাদমেলত আতিশীয়ে দলীয় টুপী আৰু ৰাজেশ শৰ্মাই দলীয় পতাকাৰে নৱাগত নেতাগৰাকীক আদৰণি জনায়। বৃহস্পতিবাৰে গুৱাহাটীত আপৰ ৰাজ্যিক কাৰ্যালয়ত দলৰ নেতা-কৰ্মী সকলে ৰমেন বৰঠাকুৰক আদৰণি জনাব।দিল্লীৰ সংবাদমেলত বৰঠাকুৰক আদৰিলে আপৰ নেত্ৰী আতিশীয়ে

Leave A Reply