Breaking

ভেৰগাওঁত প্ৰাক্তন সাংবাদিক,নৱনিৰ্বাচিত কাৰ্যবাহী সদস্য দাউবাইচা বড়োক সম্বৰ্ধনা আপকুৰ

0 2,035

ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ পৰা ইউপিপিএলৰ হৈ নিৰ্বাচিত হোৱা দাউবাইচা বড়োক ৬ফেব্ৰুৱাৰীত  ওদালগুৰি জিলা আপকুই উষ্ম সম্বৰ্ধনা জনায় ৷ পোন প্ৰথমবাৰ ছাত্ৰ নেতা তথা সাংবাদিক জীৱনৰ পৰা ৰাজনীতিলৈ খোজ পেলাই ৰাইজৰ প্ৰতিনিধি হ’বলৈ সক্ষম হোৱা ভেৰগাঁৱৰ পৰা নিৰ্বাচিত হৈ বিটিআৰত কাৰ্যবাহীৰ পদ লাভ কৰা হেতুকে তেখেতক এখন জাপি,ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনায় ৷ ওদালগুৰি জিলা আপকু সমিতিৰ সভাপতি গিৰিশ শৰ্মা ,সম্পাদক ধীৰেন মহলীয়াৰ নেতৃত্বত আপকুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক,ওদালগুৰি জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি  নৱ কুমাৰ  ডেকা, জিলা আপকুৰ উপদেষ্টা গুনজিৎ দাস প্ৰমুখ্যে সাংবাদিক নাৰায়ণ ডেকা,দ্বিপেন ডেকা,প্ৰফুল্ল কুমাৰ বড়ো,গনেশ ডেকা,বিপুল  হাজৰিকা আদিয়ে সম্বৰ্ধনা জনাই কাৰ্যবাহী সদস্য গৰাকীক সাংবাদিক সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমূহ অৱগত কৰে আৰু উক্ত সমস্যা সমূহ পৰ্যায়ক্ৰমে সমাধানৰ দিহা কৰিবলৈও অনুৰোধ জনায় আৰু কাৰ্যবাহী সদস্য গৰাকীয়েও সজাতি দলৰ আগত আহিথকা দিনত পাৰ্যমানে সমাধান কৰিবলৈ বিধান পৰিষদত উত্থাপন কৰিম বুলি আশ্বাস প্ৰদান কৰে ৷ 

Leave A Reply

Your email address will not be published.