Breaking

চিকিৎসা আৰু আৰক্ষী কৰ্মীক সম্বৰ্ধনা জ্ঞাপন প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাৰ ।

0 64

পশ্চিম যোৰহাটঃ 

যোৰহাট জিলাৰ দেৰগাঁও বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা অসম ৰাজ্যিক বি জে পিৰ উপ সভানেত্ৰী সুশীলা হাজৰিকাই আজি পুলিবৰ আৰক্ষী থানাৰ আৰক্ষীসকল আৰু দহোটীয়া ৰাজ্যিক চিকিৎসালয়ৰ কৰ্মকৰ্তাক এখন মাস্ক আৰু একোখনকৈ গামোচাৰে সন্মান জনায়। এই কাৰ্যসূচী ৰূপায়ানত সহযোগিতা আগবঢ়াই যোৰহাট জিলা পৰিষদৰ সৰুচৰাইৰ সদস্য মঞ্জু দত্ত,খঙীয়াৰ সদস্য প্ৰশান্ত বৰা, বিজেপি খঙীয়া মণ্ডলৰ সভাপতি অমূল্য দত্ত, জিলা কাৰ্যনিবাহক মৃদুপবন দাস, সাধাৰণ সম্পাদক ৰূপজ্যোতি নেওগ, অৰূপ বৰাৰ লগতে বহুতো কৰ্মকৰ্তা উপস্থিত থাকে । সুশীলা হাজৰিকাকে প্ৰমুখ্য কৰি বিষয়ববীয়া সকলে আজি পুলিবৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ৰুবুল আলী সহ ৩০ জনক আৰু  চিকিৎসালয়ৰ সৰ্বমুঠ ১৫ জন লোকক গামোচা আৰু মাস্কেৰে সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখযোগ্য যে ক’ৰনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত আৰক্ষী আৰু চিকিৎসা কৰ্মীসকলে বিভিন্ন বাধাকো নেওচি নিজ কৰ্তব্যত অগ্ৰসৰ হোৱা বাবে অথচ দিন ৰাতি একাকাৰ কৰি আনৰ স্বাস্হ্য তথা সুৰক্ষাৰ বাবে যি ভূমিকা গ্ৰহণ কৰিছে তাৰ প্ৰতি সঁহাৰি জনায় এই সন্মান প্ৰদান কৰা হয় বুলি প্ৰাক্তন বিধায়িকা গৰাকীয়ে ভাষণত উল্লেখ কৰে।

Leave A Reply

Your email address will not be published.