Breaking

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰে প্ৰাক্তন এনডিএফবিৰ বৈঠক

0 1,538

এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীসহ কাৰাৰুদ্ধ প্ৰাক্তন এনডিএফবি সদস্যসকলক মুক্তিৰ লগতে কেইৱাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত  ২আগষ্টৰ  আলোচনাত মিলিত হয় প্ৰাক্তন এনডিএফবি সদস্যসকল। ওদালগুৰি জিলাৰ নলবাৰী খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এই ৰুদ্ধদ্বাৰ বৈঠকত সংগঠনটোৰ প্ৰাক্তন সদস্যসকলে কেইৱাটাও গুৰুত্ব বিষয় সন্দৰ্ভত প্ৰস্তাৱ লোৱা বুলি জানিব পৰা গৈছে যদিও এই সন্দৰ্ভত আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই। সভাৰ অন্তত প্ৰাক্তন এনডিএফবি নেতা ডি.হাৰিমুৱে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে “এনডিএফবি সংগঠনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ বিগত ২২ জুলাই তাৰিখে সংগোপনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ(10APBN) চাউনীলৈ স্থানান্তৰিত কৰি দুটা সৰু কোঠাত ৰখা হৈছে। উক্ত স্থানান্তৰকৰণৰ বিষয়ে প্ৰশাসনে দৈমাৰীৰ পৰিয়াল অথবা প্ৰাক্তন এনডিএফবি কেডাৰসকলক অৱগত কৰা নাই। ঘটনা সন্দৰ্ভত আমি যথেষ্ট দুখ পাইছো। চৰকাৰে কিয় এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে আজি জ্ঞাত নহয়। বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰিব লাগিছিল যদিও বিটিআৰ-অসম তথা ভাৰত চৰকাৰে কিয় খেল খেলি আছে? ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰিব বুলি উল্লেখ কৰি আহিছে। কিন্তু প্ৰকৃতাৰ্থত আমি অশান্তি হৈ আছো, বিটিআৰ অশান্তিত আছে। যেতিয়া পৰ্যন্ত ৰঞ্জন দৈমাৰীকে ধৰি আন প্ৰাক্তন এনডিএফবি কেডাৰসকলক কাৰাগাৰৰ পৰা মুকলি কৰি নিদিয়ে, তেতিয়ালৈ বিটিআৰলৈ স্থায়ী শান্তি নাহে। আজি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰো যে যদিহে অনাগত দিনবোৰত বিটিআৰ তথা ৰাজ্য চৰকাৰে ৰঞ্জন দৈমাৰীকে ধৰি আন প্ৰাক্তন এনডিএফবি কেডাৰসকলক কাৰাগাৰৰ পৰা মুকলিৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম।” ইফালে সভাস্থলীত উপস্থিত থাকি সংগঠনটোৰ প্ৰাক্তন নেতা বি.খাৰ্কলাই ওৰফে কমল বসুমতাৰীয়ে কয় যে “ৰঞ্জন দৈমাৰীৰ বাবে এনডিএফবিৰ জন্ম হৈছিল আৰু এনডিএফবিৰ সংগ্ৰামৰ বাবেই আজি বিটিআৰ চু্ক্তি সম্পন্ন হৈছে। প্ৰমোদ বড়োৱে এই এনডিএফবি সংগ্ৰামৰ গ‌ইনা লৈ আজি বিটিআৰৰ চীফ হৈছে। গতিকে প্ৰমোদ বড়োৱে এই সংগ্ৰামৰ কথা পাহৰিলে নহব। এই সংগ্ৰামৰ বাবে আজিও ৰঞ্জন দৈমাৰীয়ে কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে। কিন্তু বিগত ২২ জুলাইত সংগোপনে মনে মনে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দৈমাৰীক নি দশম আৰক্ষী বেটেলিয়নৰ চাউনীত হাজোতীৰ দৰে আৱদ্ধ কৰাটো দুৰ্ভাগ্যজনক। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগিব। এনে কাৰ্যৰ বাবে আমি বৰ্তমান শান্তিৰে শুব পৰা নাই। ৰাজ্য তথা বিটিআৰ চৰকাৰখনে ৰঞ্জন দৈমাৰীক বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে সন্মান দিব জনা নাই। এইক্ষেত্ৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী আৰু উপমুখ্য কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে প্ৰমোদ বড়ো অৰু গোবিন্দ বসুমতাৰীক অৱগত কৰিছো যদিও গুৰুত্ব পোৱা নাই। গতিকে দুয়োগৰাকী নেতাক সকিয়াই দিও যে এই বিষয়ত ৰাজনীতি নকৰিব। বিগত দিনবোৰত আমি সংবাদমাধ্যমৰ জৰিয়তে বহুবাৰ ৰঞ্জন দৈমাৰীসহ আন কেডাৰসকলক মুকলিৰ দাবী উত্থাপন কৰি আহিছো যদিও আজিলৈ কোনো সুফল লাভ কৰা নাই। আমি আগন্তুক ১৫ আগষ্টলৈ সময়সীমা বান্ধি দিছো। যদি আমাৰ দাবী পুৰণ নহয় তেন্তে ১৬ আগষ্টৰ পৰা সমগ্ৰ বিটিআৰ অনিৰ্দিষ্টকালীন বন্দ কৰি দিয়াৰ লগতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম।” এই সভাৰ জৰিয়তে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ লগতে পুনঃসংস্থাপনৰ দাবী উত্থাপন কৰে। সভাৰ শেষত “ৰঞ্জন দৈমাৰীসহ আন সদস্যসকলক মুক্তি দিয়ক, প্ৰাক্তন এনডিএফবি কেডাৰৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰক, প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰক” ইত্যাদি শ্লোগান প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.