Breaking

শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ড° ভৱেন মহনৰ ৰাইজৰ দলত যোগদান…

0 28

গুৱাহাটীৰ মাছখোৱাস্থিত আইটিএ প্ৰেক্ষাগৃহত আজি ৰাইজৰ দলৰ এক বৃহৎ যোগদান কার্যসূচী অনুষ্ঠিত।শিৱসাগৰ জিলা বিজেপিৰ প্রাক্তন সভাপতি ভৱেন মহন, শদিয়া জিলা বিজেপিৰ প্রাক্তন সভাপতি যুধিষ্ঠিৰ গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য গোপাল কাকতি, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই, প্ৰবীণ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা সাংবাদিক সাহিত্যিক নেপাল চৰকাৰৰ খেল ৰত্ন বঁটা লাভ কৰা মাধৱজ্যোতি দেউৰী, বিজেপি বকতা মৌজা মহিলা মৰ্চাৰ সম্পাদিকা ৰেখা বুঢ়াগোহাঁই, বিশিষ্ট সমাজকর্মী ৰানা বুঢ়াগোহাঁইৰ লগতে আৰু পাঁচ শতাধিক লোকে ৰাইজৰ দলত যোগদান কৰে।

ৰাইজৰ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ দলত যোগদান কৰা প্ৰতিজন নেতা-কর্মীক দললৈ স্বাগতম জনাই অখিল গগৈয়ে।

Leave A Reply

Your email address will not be published.