Ratan Tata Dies: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান, ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

মুম্বাই, ১০ অক্টোবৰ: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান(Famous industrialist Ratan Tata)। ৮৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে(Ratan Tata Dies at 86)। তেওঁ দীৰ্ঘদিন ধৰি অসুস্থ হৈ মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল(Breach Candy Hospital in Mumbai) ।

ৰাজনাথ সিঙৰ গভীৰ সমবেদনা


দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি লিখিছে, “শ্ৰী ৰতন টাটাৰ মৃত্যুত মৰ্মাহত হৈছো(Rajnath Singh statement)। তেখেত ভাৰতৰ উদ্যোগ জগতখনৰ এগৰাকী মহান নায়ক আছিল, যাক আমাৰ অৰ্থনীতি, ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰখনত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে জনা যায় । তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক”।

টাটাৰ মৃত্যুক লৈ হৰ্ষ গোৱেংকাৰ এক্সত পোষ্ট


আৰ পি জি এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই(RPG Enterprises chairman Harsh Goenka) ৰতন টাটাৰ মৃত্যুৰ বিষয়ে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট কৰে। তেওঁ লিখিছে, ‘ঘড়ীটোৱে টিক-টিক কৰা বন্ধ কৰি দিছে, টাইটানৰ মৃত্যু হৈছে। ৰতন টাটা আছিল সততা, নৈতিক নেতৃত্ব আৰু দানশীলতাৰ নিদৰ্শন, যিয়ে ব্যৱসায় আৰু ইয়াৰ বাহিৰৰ জগতখনত এক উদাহৰণ আছিল। তেখেত আমাৰ স্মৃতিৰ ভিতৰত সদায় এক উচ্চ স্থানত থাকিব।

মাত্ৰ দুদিন পূৰ্বে ৰতন টাটাই X-ত পোষ্ট কৰি লিখিছিল যে, তেওঁ সম্পূর্ণৰূপে সুস্থ। লগতে তেওঁৰ বিষয়ে চিন্তা কৰা সকলোকে ধন্যবাদ জনাইছো।

১৯৬২ চনত টাটা ষ্টীল বিভাগৰ দ্বাৰা তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰি ৯ বছৰৰ পিছত নেচনেল ৰেডিঅ’ এণ্ড ইলেক্ট্ৰনিক্স কোম্পানী লিমিটেডৰ ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছিল । ১৯৭৭ চনত তেওঁক টাটা গ্ৰুপৰ অন্তৰ্গত বস্ত্ৰ-কল এম্প্ৰেছ মিলছলৈ স্থানান্তৰ কৰা হয় । তেওঁৰ পৰিকল্পনাসমূহ গ্ৰুপছৰ আনসকল কাৰ্যবাহীয়ে নাকচ কৰাত মিলটো বন্ধ কৰি দিয়ে । ১৯৯১ চনত জে আৰ ডি টাটাই টাটা চন্সৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰি ৰতন টাটাক অধ্যক্ষৰ পদত বহুৱাই তেওঁৰ উত্তৰাধিকাৰী হিচাপে নিযুক্তি দিয়ে ৷

ৰতন টাটাৰ ২১ বছৰীয়া অধ্যক্ষতাৰ সময়ছোৱাত প্ৰতিষ্ঠানটোৰ ৰাজহ ৪০ শতাংশতকৈও অধিক বৃদ্ধি পোৱাৰ লগতে লাভৰ পৰিমান ৫০ শতাংশকৈও অধিক বৃদ্ধি পাইছে ।

তাৰোপৰি তেখেত আছিল ভাৰতৰ সকলোতকৈ পুৰণি, অসাম্প্ৰদায়িক দানশীল সংস্থাসমূহৰ ভিতৰতে অন্যতম টাটা ট্ৰাষ্টৰ অধ্যক্ষ, যিয়ে সম্প্ৰদায় উন্নয়নৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে । তেওঁ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চৰ কাউন্সিল অৱ মেনেজমেণ্টৰ অধ্যক্ষ হিচাপে থকাৰ লগতে কৰ্ণেল বিশ্ববিদ্যালয় আৰু দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ট্ৰাষ্টী ব’ৰ্ডতো কাৰ্যনিৰ্বাহ কৰিছিল ।

উল্লেখ্য যে, ৰতন টাটাই ১৯৯১ চনৰ পৰা ২০১২ চনৰ ২৮ ডিচেম্বৰলৈকে টাটা গ্ৰুপৰ হ’ল্ডিং কোম্পানী ‘টাটা চন্স’ৰ অধ্যক্ষৰ পদত অধিস্থিত আছিল ।

Related Articles