Breaking

সুদীৰ্ঘ চৌৰাল্লিশ বছৰ পিছত দেৰগাঁৱৰ প্ৰাক্তন কটনিয়ান প্ৰশান্ত বৰঠাকুৰৰ কাষত বন্ধু সিদ্ধার্থ ভট্টাচার্য…

0 115

দেৰগাঁৱৰ প্ৰাক্তন কটনিয়ান প্ৰশান্ত বৰঠাকুৰৰ কাষত বন্ধু সিদ্ধাৰ্থ ভট্টাচাৰ্য। সুদীৰ্ঘ চৌৰাল্লিশ বছৰ পিছত একেলগ হৈ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰিল দুই বন্ধু। দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱৰ প্ৰাক্তন কটনিয়ান উৰুখা পঁজাত কটোৱা জীৱন সংগ্ৰামৰ বাতৰি সম্প্ৰচাৰ পাছতেই প্ৰশান্ত বৰঠাকুৰৰ কাষত বৃহস্পতিবাৰে উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যসহ তিনি সহপাঠী৷ কটন বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা এইগৰাকী প্ৰশান্ত বৰঠাকুৰে এটি উৱলি যোৱা পঁজাত অতি কষ্টৰে দিন পাৰ কৰিছিল ৷ উল্লেখ্য যে ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰো সহপাঠী আছিল ব্যক্তিগৰাকী৷

এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই বৃহস্পতিবাৰে প্ৰশান্ত বৰঠাকুৰৰ কাষত উপস্থিত হ’লগৈ একালৰ সহপাঠী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ লগতে ৰক্তিম ফুকন আৰু দিগন্ত ঠাকুৰ ৷ সুদীৰ্ঘ চৌৰাল্লিশ বছৰ পিচত তিনি সহপাঠী একেলগ হৈ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে আবেগিক হৈ পৰিল ৷ উল্লেখযোগ্য যে ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰীধাৰী আৰু আশী দশকৰ তেজে ধোৱা অসম আন্দোলনত অংশ লৈ নিৰ্যাতিত হৈ আঘাতপ্ৰাপ্ত প্ৰশান্ত বৰঠাকুৰে পৰৱৰ্তী পৰ্যায়ত দেৰগাঁৱৰ বামুণ গাঁৱত এটি ভগ্নপ্ৰায় পঁজাত দিন অতিবাহিত কৰি আহিছে।দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লৈ অধ্যয়নৰ বাবে গৈছিল গুৱাহাটী কটন কলেজলৈ।

সেই সময়ত সহপাঠী হিচাপে সান্নিধ্য লাভ কৰিছিল অসমৰ প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ। ৬২ বছৰীয়া প্ৰশান্ত বৰঠাকুৰৰ এতিয়াৰ পৰিচয় গোলাঘাট জিলাৰ দেৰগাঁৱৰ বৰুৱাবামুণ গাঁৱৰ এজন শাক-পাচলিৰ গুটি ব্যৱসায়ী ।জীৱনৰ মায়া-মোহ ত্যাগ কৰি ব্ৰহ্মচাৰী জীৱন অতিবাহিত কৰা উচ্চ শিক্ষিত বৰঠাকুৰে এসময়ত নাগালেণ্ড, নেপালতো শিক্ষকতা কৰিছিল। শিক্ষাৰ পোহৰ বিলোৱা মানুহজন কিন্তু আজি নিজেই অন্ধকাৰত থাকিবলগীয়া হৈছে। আনহাতে, ‘আশীৰ দশকৰ তেজে ধোৱা আন্দোলনৰ সাক্ষী তথা নিৰ্যাতনৰ বলি হৈ আঘাতপ্ৰাপ্ত হৈছিল প্ৰশান্ত বৰঠাকুৰ। একালৰ সতীৰ্থৰ এনে দুৰ্দশা দেখি সংস্থাপনৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি আশ্বাস প্ৰদান কৰে বন্ধু ভট্টাচাৰ্য।

Leave A Reply

Your email address will not be published.