বজালীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন


১৯৭৮ চনৰ ১২ মাৰ্চত জন্মলাভ কৰা অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আজি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। অসমৰ আন আন ঠাইৰ দৰে বজালীতো আজি সংগঠনটোৰ নেতৃবৃন্দই প্ৰতিষ্ঠা দিৱস পালন কৰে। আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ উদ্যোগত পাঠশালা কলেজ ৰোডত অৱস্থিত কার্যলয়ত ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।

কাৰ্যক্ৰমণিকা অনুযায়ী- পুৱা পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰে এজেৱাইচিপিৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদে। ইয়াৰ পিছতে শ্বহীদ বেদিত ধূপ আৰু চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ন আৰু যুটীয়া সম্পাদক মৃদুল তালুকদাৰে। ইয়াৰ পাছতেই স্মৃতি  তৰ্পণ অনুষ্ঠান মুকলি কৰে পৰিষদৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক মন্টু কুমাৰ শৰ্মা আৰু কাৰ্য নিৰ্বাহক সদস্য নিপল ডেকাই।

সংগঠনটোৰ বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাসে আঁতধৰা আজি এই অনুস্থানত বজালী জিলা সমিতিৰ উপদেষ্টা ক্ৰমেঃ অমূল্য চৌধুৰী আৰু টিকেন দাসকে ধৰি আৰু বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বিয়লি বিভিন্ন অনুষ্ঠানত ফল-মূল বিতৰণ, নাম-প্ৰসংগৰে দিনজোৰা কাৰ্যসূচীৰ সমাপন ঘটে। উল্লেখ্য যে, আজি এই পৱিত্ৰ দিনটোত যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সদস্যসকলে অসমীয়া জাতীয় জীৱন, অসমীয়া সমাজ-জীৱন, অসমীয়া কৃষ্টি, ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত সংকল্প গ্ৰহণ কৰি দৃঢ় প্ৰতিজ্ঞ হয় ।

Related Articles