Breaking

আমবাৰীত অগপৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভা ! সৰ্বস্তৰতে অগপক শক্তিশালী কৰাৰ সংকল্প লবলৈ আহ্বান অতুল বৰাৰ…

0 58

আমবাৰীত অগপৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভা
নিৰ্বাচন কেন্দ্ৰীক তৎপৰতাৰে ব্যাপক সাংগঠনিক কাৰ্য্যসূচী
সৰ্বস্তৰতে অগপক শক্তিশালী কৰাৰ সংকল্প লবলৈ আহ্বান অতুল বৰাৰ

আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত পৰিলক্ষিত হ’ল বিশেষ ব্যস্ততাপূৰ্ণ তৎপৰতা। অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ চাৰিখনকৈ বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। চাৰিখন সভাতে কেন্দ্ৰীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে। মুলতঃ দলটোক তৃণমূল পৰ্য্যায়ৰ পৰা ব্যাপক ৰূপত সাংগঠনিক ভাৱে শক্তিশালী কৰাৰ উদ্দেশ্যেই আৰু নিৰ্বাচন কেন্দ্ৰীক প্ৰস্তুতিৰে এই সভা অনুষ্ঠিত হয়। তিনিওখন সভাতে উপস্থিত থাকি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দলটোক সৰ্বস্তৰতে সম্প্ৰসাৰিত তথা শক্তিশালী কৰাৰ উদ্দেশ্যে এলানি সাংগঠনিক কাৰ্য্যসূচী ঘোষণা কৰে। সেই অনুসৰি ১১, ১২ আৰু ১৩ আগষ্ট তাৰিখে সকলো বিধান

সভা সমষ্টিতে সভা অনুষ্ঠিত কৰাৰ লগতে ১৯,২০ আৰু ২১ আগষ্ট তাৰিখে গুৱাহাটীত তিনিদিনীয়াকৈ ৰাজনৈতিক কৰ্মশালা আৰু ২৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈ প্ৰতিটো বুথতে বুথ সন্মিলন অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ কথা সদৰি কৰে। সভাপতি বৰাই কয় যে, দলে ঘোষণা কৰা জনসম্পৰ্কীয় কৰ্মসূচীৰ জৰিয়তে ৰাইজৰ মাজলৈ গৈ জ্যেষ্ঠ জনৰ লগত মতবিনিময় কৰাৰ লগতে দলক আগবঢ়াই নিয়াৰ পৰামৰ্শ গ্ৰহণ কৰিব। আঞ্চলিকতাবাদৰ সুদিন উভতি আহিছে বুলি উল্লেখ কৰি সভাপতি বৰাই কয় যে, এক শক্তিশালী আঞ্চলিকতাবাদ অসম গণ পৰিষদ দলে ৰাইজৰ সন্মুখলৈ আগবঢ়াই নিব। ব্যক্তিগত ৰাজনৈতিক স্বাৰ্থৰ বাবে আঞ্চলিকতাবাদৰ মুখাপিন্ধি কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ চত্ৰছায়াত ৰাজনীতি কৰা সকলৰ মুখা খোল খাইছে বুলিও বৰাই তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

বৰাই পঞ্চায়ত আৰু উপ-নিৰ্বাচনৰ কাৰণে সকলো দলীয় সদস্যকে সাজু হ’বলৈ আহ্বান জনাই কয় যে, পঞ্চায়তৰ প্ৰতিটো স্তৰতে দলে প্ৰতিদ্বন্দিতা কৰিব। সভাত দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, শক্তিশালী সাংগঠনিক কাঠামোৰ জৰিয়তে অসম গণ পৰিষদ দলে আহিবলগীয়া দিনসমূহত অসমৰ ৰাজনীতিত এক উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। ভাতৃ-ভগ্নী সংগঠনসমূহ হৈছে দলৰ অন্যতম স্তম্ভ স্বৰূপ। ভাতৃ-ভগ্নী সংগঠনসমূহে নিজস্ব কাৰ্য্যসূচীৰ জৰিয়তে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰি দলটোক অধিক শক্তিশালী কৰাৰ পৰিবেশ ৰচনা কৰিব লাগিব বুলি উল্লেখ কৰে। সভাত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ডা০ কমলাকান্ত কলিতা, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, সুনীল ডেকা, ড০ তপন দাস, উপ-সভাপতি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.