মেক্সিকোৰ এটা বিমানবন্দৰত উদ্ধাৰ হৈছে চাৰিটাকৈ মানুহৰ লাওখোলা…

মেক্সিকোৰ এটা বিমানবন্দৰত উদ্ধাৰ হৈছে চাৰিটাকৈ মানুহৰ লাওখোলা। মেক্সিকান বিমানবন্দৰত নিৰাপত্তাৰক্ষীয়ে এটা কাঠৰ বাকচৰ ভিতৰত উদ্ধাৰ কৰিছে এই নৰমুণ্ড চাৰিটা ।

নিৰাপত্তা আৰক্ষীয়ে লাওখোলাৰ বাকচটো উদ্ধাৰ কৰি চলোৱা তদন্তৰ পিছতেই পোহৰলৈ আহে ক’ৰপৰা কলৈ কোৰিয়াৰ কৰি পঠোৱা হৈছিল উক্ত নৰমুণ্ড চাৰিটা। তদন্তৰ পৰা নিৰাপত্তাৰক্ষীয়ে জানিব পাৰে যে মেক্সিকোৰ পৰা আমেৰিকালৈ পঠোৱাৰ কথা আছিল উক্ত নৰমুণ্ড চাৰিটা।

শুকুৰবাৰে মেক্সিকোৰ ৰাষ্ট্রীয় নিৰাপত্তা বাহিনীয়ে কয় যে এটা কাঠৰ বাকচৰ ভিতৰত এলুমিনিয়াম ফয়েল কাগজেৰে মেৰিয়াই থোৱাৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে উক্ত লাওখোলা কেইটা।

মধ্য মেক্সিকোৰ কুৱেৰেটাৰো আন্তঃমহাদেশীয় বিমানবন্দৰত সংঘটিত হৈছে এই কাণ্ড। এক বিবৃতি অনুসৰি পশ্চিম উপকূলীয় ৰাজ্য মিচ’আকানৰ পৰা এই বাকচটো প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে এই অঞ্চলটো দেশখনৰ ভিতৰত অন্যতম হিংসাত্মক অঞ্চল।

Related Articles