Breaking

গোগামুখত ৪ টা ডকাইত আটকঃ ৪৫ গ্ৰাম সোণ উদ্ধাৰ

0 16

ধেমাজি জিলাৰ গোগামুখ আৰক্ষীয়ে বিভিন্ন অপৰাধী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই আহিছে যদিও সমগ্ৰ গোগামুখ ডকাইত আৰু চোৰৰ উপদ্ৰৱ অন্ত হোৱা নাই ৷

আজি পুনৰ বৰদলনি আৰক্ষী চকীৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া বসন্ত শইকীয়াৰ নেতৃত্বত আৰু গোগামুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনৱ দলেৰ সহযোগত চাৰিটা ডকাইতক আটক কৰিবলৈ সক্ষম হয়।

  ঘটনাৰ বিৱৰণি মতে ধেমাজি জিলাৰ গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত বৰদলনি দিহিঙ্গীয়া গাঁৱৰ এটা ঘৰৰ পৰা চাৰিদিনৰ আগতে এটা ডকাইতৰ দলে বুজন পৰিমাণৰ সোণৰ চেইন, কাণফুলি, আঙুটি চোৰ কৰি নিছিল ৷ ভুক্তভোগী পৰিয়ালে বিষয়টিৰ সন্দৰ্ভত বৰদলনি আৰক্ষী চকীত এটি গোচৰ দিছিল ৷

গোগামুখ আৰক্ষীয়ে বিষয়টি গুৰুত্বসহকাৰে ডকাইতৰ দলটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে অভিযান চলাই মাজুলীৰ জেংৰাইমুখৰ দিব্যজ্যোতি নাথ, গড়মূৰ মাজুলীৰ  বিকি শইকীয়া,  ঢকুৱাখনা বালি জানৰ হৃদয়জ্যোতি বৰা,  ঢকুৱাখনা মানিকপুৰৰ ফজুল হকক সুকীয়া সুকীয়াকৈ কালি আটক কৰিবলৈ সক্ষম হয় ৷

জানিব পৰা মতে আটাইকেইটা অপৰাধীয়ে মাৰপিট, চোৰ, ডকাইত আৰু অন্য বিভিন্ন অপৰাধত জৰিত হৈ আহিছে ৷ ডকাইতৰ দলটোৰ পৰা গোগামুখ আৰক্ষীয়ে এতিয়ালৈকে প্ৰায় ৪৫ গ্ৰাম সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

Leave A Reply