ছাগলীয়া আৰক্ষীৰ অভিযানত ৪৬ টা চোৰাং গৰু সহ চাৰি সৰবৰাহকাৰী আটক…

অসম বংগ সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়াত চোৰাং গৰু ভৰ্তি বাহন জব্দ। ছাগলীয়া আৰক্ষীৰ অভিযানত উদ্ধাৰ ৪৬ টাকৈ চোৰাং গৰু। ধুবুৰীত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা। কালি নিশা বিহাৰৰ পৰা বৰপেটা অভিমুখে যোৱাৰ সময়ত ছাগলীয়া আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত এখন আল্ট্ৰা বাহনত তালাচী চলায়।

আৰক্ষীৰ তালাচীত ৪৬ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে চাৰি জনকৈ সৰবৰাহকাৰীক আটক কৰে। ধৃত সৰবৰাহকাৰী ৪ জন বৰপেটা ৰোড’ৰ সাহিদুল ইছলাম আৰু আকতাৰ হুছেইন,

বৰপেটাৰ ছামাদ আলী আৰু নলবাৰীৰ মোজাম্মিল হুছেইন। আনহাতে ছাগলীয়া আৰক্ষীয়ে AS 28 AC 0508 নম্বৰৰ চোৰাং গৰু ভৰ্তি আল্ট্ৰা ট্ৰাক জব্দ কৰে ।

Related Articles