Breaking

Fraudulent Bulls Eyes Online Trading: অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত অভিযুক্ত ‘বুলচ আইজ’ প্ৰতিষ্ঠানৰ দায়িত্বত চৰকাৰৰ মিত্ৰদলৰ নেতা

62

নগাঁও আৰক্ষীৰ অভিযানত ‘বুলচ আইজ’ নামৰ এটা প্ৰৱঞ্চনামূলক অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ(Fraudulent Bulls Eyes Online Trading) । আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে পলাতক হৈ আছে এটা ৰাজনৈতিক দলৰ লগত জড়িত আন দুই মাষ্টাৰমাণ্ড ।

নগাঁও, ৬ ছেপ্টেম্বৰ : বেংক অথবা অন্যান্য চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠানতকৈ অত্যাধিক লাভ দিয়াৰ সপোন দেখুৱাই অনলাইন ট্ৰেডিং আৰু ষ্টক মাৰ্কেটত ধন বিনিয়োগ কৰাৰ নামত লক্ষ লক্ষ টকাৰ লুণ্ঠন কৰাৰ অভিযোগৰে অভিযুক্ত ‘বুলচ আইজ’ নামৰ অস্বীকৃতিপ্ৰাপ্ত বিত্তীয় প্ৰতিষ্ঠানটোৰ সৈতে জড়িত থকাৰ অভিযোগত বিশাল তামুলী নামৰ এজন যুৱকক নগাঁও আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ইয়াৰ সৈতে নাম সাঙোৰ খাইছে আন বহুকেইজন যুৱকৰ(Fraudulent Bulls Eyes Online Trading)।

মূলতঃ অসম গণ পৰিষদ(Asom Gana Parishad)ৰ ভাতৃ সংগঠন ছাত্র পৰিষদৰ লগত ওতঃপ্ৰোতঃ ভাৱে জড়িত থকা ধৃত বিশালৰ লগতে আন কেইবাজনো ছাত্ৰ তথা যুৱ নেতা জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছে বুলি চৰ্চিত হৈছে(Political Leaders Linked to Fraudulent Bulls Eyes)।

চৰ্চিত খবৰ অনুসৰি, নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ সমীপৰ কেবা মহলীয়া এটা বিল্ডিঙত স্থাপন কৰা ‘বুলচ আইজ’ নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ লগত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনৰ লগতে অনিৰ্বাণ দেউৰী, লক্ষ্যজিৎ আৰু ধীৰাজ নামৰ যুৱককেইজন জড়িত আছিল। এই কেইজনৰ মালিকানাধীন বিত্তীয় প্ৰতিষ্ঠান ‘বুলচ আইজ’ৰ নামত কাৰ্যালয় পাতি অনলাইন ট্ৰেডিঙত মুনাফা লাভৰ প্ৰলোভনেৰে জিলাখনৰ বিভিন্নজনৰ পৰা লক্ষ লক্ষ টকা সংগ্ৰহ কৰা বুলি চৰ্চা চলিছে(Online Trading Scam)।

আৰক্ষীয়ে ইতিমধ্যে এই প্ৰতিষ্ঠানটোৰ দায়িত্বত থকা ছাত্র নেতা বিশাল তামুলীক গ্ৰেপ্তাৰ কৰিছে। প্ৰতিষ্ঠানটোৰ লগত জড়িত আন কেইজনৰ সন্ধান বৰ্তমানেও আৰক্ষীয়ে পোৱা নাই যদিও শীঘ্ৰেই তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেৰা কৰাৰ সম্ভাৱনা আছে(Key Suspects Absconding)।

এক বিশেষ সুত্ৰে জানিব পৰা অনুসৰি, ‘বুলচ আইজ’ৰ নামত থকা বেংক একাউণ্টত বহু কোটি টকা জমা আছে(Large Sums in Bank Accounts)। অৱশ্যে আৰক্ষীৰ তদন্তত আৰু এই প্ৰতিষ্ঠানটোৰ লগত জড়িত থকা ব্যক্তিসকল গ্ৰেপ্তাৰ হোৱাৰ পিচতহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

ইতিমধ্যে এই অবৈধ ব্যৱসায়টোৰ লগত জড়িত থকা লোকসকলৰ নামত থকা বেংক একাউন্টৰ সবিশেষ তথ্য সংগ্ৰহ কৰাৰ বাবে আৰক্ষীয়ে তৎপৰতা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে(Nagaon Police)।

উল্লেখ্য যে গ্ৰেপ্তাৰৰ ভয়ত এই অবৈধ বিত্তীয় প্ৰতিষ্ঠানৰ লগত জড়িত আটাইকেইজন যুৱকেই ইতিমধ্যে আত্মগোপন কৰা বুলি জানিব পৰা গৈছে। ইপিনে, আত্মগোপন কৰাৰ পূ্বেই প্ৰতিষ্ঠানটোৰ স্বতাধিকাৰী কেইজনে আৰক্ষীৰ চকুত ধুলি মৰাৰ বাবে পানীগাঁও চাৰিআলিৰ সমীপত থকা ‘বুলচ আইজ’ৰ কাৰ্যালয়ত থকা চাইণ্ড বৰ্ড আতৰাই পেলায়।

তাৎপৰ্যপূৰ্ণ যে কোনোধৰণৰ স্বীকৃতি প্ৰাপ্ত নোহোৱা ‘বুলচ আইজ’ নামৰ প্ৰতিষ্ঠানটোত নগাঁৱৰ একাংশ বিষয়া কৰ্মচাৰী, ছাত্র-যুৱ নেতা আৰু সাংবাদিকে সহজলভ্য ধন লাভৰ আশাত ধন বিনিয়োগ কৰিছিল। বিনিয়োগকাৰী সকলৰ বহুজনে চৰকাৰে প্ৰতিষ্ঠানটোৰ বেংক একাউণ্ট জব্দ কৰা তথা প্ৰতিষ্ঠানটোৰ আটাইকেইজন স্বতাধিকাৰী গ্ৰেপ্তাৰ হ’লে বিনিয়োগ কৰা ধন হেৰুৱাৰ আতংকত ভুগিছে। আৰক্ষীয়ে যিকোনো মূহুৰ্তত এই প্ৰতিষ্ঠানটোৰ কাৰ্যালয়টোত তালাচী চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

লগতে পঢ়ক: Online Trading Scam: বিশালৰ দ্য ব্লেক আম্ব্ৰেলাৰ তলত জিৰাইছিল অসমীয়া ছবি জগতৰ বহু ৰথী-মহাৰথীয়ে

Comments are closed.