Breaking

“ডুমিকৰ দ্বাৰা দৰিদ্ৰ ছাত্ৰ – ছাত্ৰী লৈ বিনামূলীয়া শিক্ষা”…

0 14

“ডুমিক ৰ দ্বাৰা দৰিদ্ৰ ছাত্ৰ – ছাত্ৰী লৈ বিনামূলীয়া শিক্ষা”

গুৱাহাটী, ১২ জুলাই: উচ্চ শিক্ষাৰ বাবে আগ্ৰহী ছাত্র- ছাত্রীৰ বাবে সুখবৰ। “ডুমিক” নামৰ এটি বেচৰকাৰী প্ৰতিষ্ঠানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্র-ছাত্রীৰ বাবে লৈ আহিছে এক অভিনৱ আঁচনি। এই আঁচনিৰ অধীনত নৰ্থ- ইষ্ট, বিশেষকৈ অসমৰ ছাত্র-ছাত্রীয়ে বি,বি,এ আৰু বি,এচ,ছি এগ্ৰিকালচাৰ বিষয় দুটাৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা

লাভ কৰিব পাৰিব। ইয়াৰ উপৰি থকা- খোৱাৰ খৰছো সম্পূৰ্ণ বিনামূলীয়া হ’ব। গুৱাহাটীস্থ প্ৰতিষ্ঠান ডুমিকে আগ্ৰাৰ বি,পি,এচ গ্ৰুপ অব কলেজৰ সহযোগত পোনপ্ৰথমবাৰৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে। উল্লেখ্য যে, আৰ্থিকভাৱে

সৱল ছাত্র-ছাত্রীয়ে বিনামূলীয়াকৈ শিক্ষা লাভ কৰিব যদিও থকা-খোৱাৰ বাবদ নগণ্য হাৰত মাচুল আদায় দিব লাগিব বুলি বি,পি,এছ গ্ৰুপ অফ কলেজৰ নামভৰ্তি সঞ্চালক শাহিনুৰ ইছলাম মণ্ডল আৰু ডুমিক ৰ সঞ্চালক ড০ ববী গোস্বামী বৰুৱাই জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.