Breaking

Eye Check-Up Camp: মালিগাৱঁত লায়নচ ক্লাবৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

10

লায়নচ ক্লাৱ অফ ৰিভাৰভিউৰ উদ্যোগত আৰু মালিগাওঁ চাটেলগেট কালী মন্দিৰ উন্নয়ন কমিটিৰ সহযোগত আজি এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন হয়।(Free eye check-up camp at lions club’s initiative in Maligaon)

মালিগাঁও চাটেলগেটত অৱস্থিত কালী মন্দিৰ প্ৰাংগনত আজি এক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ সম্পন্ন হয়। লায়নচ ক্লাৱ অফ ৰিভাৰভিউৰ উদ্যোগত আৰু মালিগাওঁ চাটেলগেট কালী মন্দিৰ উন্নয়ন কমিটিৰ সহযোগত উক্ত অনুষ্ঠানটো অনুষ্ঠিত হয়।(Free eye check-up camp at lions club’s initiative in Maligaon)

শংকৰদেৱ নেত্ৰালয়ৰ সঞ্চালক কস্তুৰী ভট্টাচাৰ্যৰ নেতৃত্বত অহা নেত্ৰালয়ৰ চিকিৎসকৰ এটা দলে স্থানীয় ৰাইজৰ চকু পৰীক্ষা কৰে। এই শিবিৰত দুশৰো অধিক পুৰুষ-মহিলাই চকু পৰীক্ষা কৰে। মালিগাঁও চাটেলগেট কালী মন্দিৰ উন্নয়ন সমিটিৰ সভাপতি ধ্বজেন দাস আৰু সাধাৰণ সম্পাদক উত্তম বৰুৱাই চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰাত সহযোগ কৰা বাবে লায়নচ ক্লাৱ অফ ৰিভাৰভিউ আৰু শংকৰদেৱ নেত্ৰালয়ৰ সমূহ চিকিৎসকক কৃতজ্ঞতা জনায়।

Comments are closed.