Free Food In Train: যাত্ৰীয়ে বিনামূলীয়া খাদ্য পোৱা এখন ৰে’ল, এই ছুপাৰফাষ্ট ৰে’লখন কোনটো পথত চলে জানেনে ?

নিউজ ডেস্ক, ৭ অক্টোবৰ: ৰে’লত যাত্ৰা কৰাৰ সময়ত সময়মতে খাদ্য পোৱাটো অতিকে কঠিন আৰু খাদ্য উপলব্ধ হ’লেও ইয়াৰ মানদণ্ড ভাল নহয়। এনে কাৰণতে ৰেল যাত্ৰীসকৰ বহুতেই ঘৰৰ পৰাই খাদ্য লগত লৈ যাব লগা হয়। অৱশ্যে একাংশ যাত্ৰীয়ে ৰে’লত যাত্ৰা কৰাৰ সময়ত ধন দি অৰ্ডাৰ কৰিও খাদ্যৰ যোগাৰ কৰে। – Free Food In Train

কিন্তু আপুনি জানেনে যে আমাৰ দেশত এনে এখন ৰে’ল আছে, য’ত ভ্ৰমণৰত যাত্ৰীসকলক বিনামূলীয়াকৈ খাদ্য পৰিবেশন ধৰা হয়। এই ৰে’লখনত যাত্ৰীসকলে খাবৰ বাবে ঘৰৰ পৰা খাদ্য কঢ়িয়াই নিয়াৰ কোনো প্ৰয়োজন নাই।

এই ৰে’লখনৰ নাম সচখণ্ড এক্সপ্ৰেছ(Sachkhand Express) আৰু ইয়াৰ নম্বৰ হৈছে ১২৭১৫। এই ৰে’লখন মহাৰাষ্ট্ৰৰ হাজুৰ চাহিব নান্দেদ(Hazur Sahib Nanded)ৰ পৰা পাঞ্জাৱৰ অমৃতসৰৰ মাজত চলে। এই ৰে’লখনত যাত্ৰা কৰা লোকসকলে খোৱা খাদ্য-পানীয়ৰ বাবে চিন্তা কৰাৰ অলপো প্ৰয়োজন নাথাকে । দৰাচলতে বহু বছৰৰ পৰা এই ৰেলখনত যাত্ৰীসকলক(Train passengers) লংঘৰ সেৱা(শিখ সম্প্ৰদায়ৰ পাকঘৰ) হিচাপে খাদ্য আগবঢ়াই অহা হৈছে ।

Free Food In Train: যাত্ৰীয়ে বিনামূলীয়া খাদ্য পোৱা এখন ৰে’ল, এই ছুপাৰফাষ্ট ৰে’লখন কোনটো পথত চলে জানেনে ?
সচখণ্ড এক্সপ্ৰেছত যাত্ৰীসকলক বিনামূলীয়া লংঘৰ সেৱা(Free langar service) প্ৰদান

এই ৰে’লখনৰ নতুন দিল্লী, ভোপালকে ধৰি ৩৯টা ষ্টেচনত ষ্টপেজ আছে। যাত্ৰাৰ পাছত যাত্ৰীসকলক পথচোৱাৰ মাজত থকা ছটা ষ্টেচনত লংঘৰ সেৱা প্ৰদান কৰা হয়। এই ষ্টেচনকেইটা ক্ৰমে মানমাৰ, নন্দেদ, ভূছাৱাল, ভোপাল, গোৱালিয়ৰ আৰু নতুন দিল্লী। ষ্টেচনকেইটাত ৰে’লখন ৰখাৰ সময় এনেধৰণে নিৰ্ধাৰণ কৰা হৈছে যাতে যাত্ৰীসকলে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ খাদ্য গ্ৰহণ কৰিব পাৰে ।

ডি এন এ ৰিপৰ্ট অনুসৰি, বিগত ২৯ বছৰে সচখণ্ড এক্সপ্ৰেছত যাত্ৰীসকলক বিনামূলীয়া লংঘৰ সেৱা(Free langar service) প্ৰদান কৰি অহা হৈছে । যাত্ৰীসকলে লগত নিয়া বাচনেৰে লংঘৰৰ খাদ্য গ্ৰহণ কৰে । এই সেৱা প্ৰথমে নান্দেডৰ এগৰাকী স্থানীয় শিখ সম্প্ৰদায়ৰ ব্যৱসায়ীয়ে ৰে’লত আৰম্ভ কৰিছিল যদিও পিছলৈ গুৰুদ্বাৰাৰ তত্বাৱধানত এই লংঘৰ সেৱা অব্যাহত থাকিল। বৰ্তমান জেনেৰেল, শ্লিপাৰ আৰু এচি ডবাসমূহত যাত্ৰা কৰা প্ৰায় ২০০০ লোকক প্ৰতিদিনে লংঘৰ সেৱাৰ খাদ্য যোগান ধৰা হয়। ইয়াৰ মেনুত নিৰামিষ খাদ্য যেনে ভাত, দালি, তৰকাৰী আৰু শাক-পাচলি আদি অন্তৰ্ভুক্ত কৰা হৈছে।

উল্লেখ্য যে, এই ৰে’লখন প্ৰথমবাৰৰ বাবে ১৯৯৫ চনত নন্দেদ আৰু অমৃতসৰৰ মাজত সাপ্তাহিক ভিত্তিত আৰম্ভ হৈছিল। পিছত ইয়াক দ্বি-সপ্তাহিক সেৱালৈ সলনি কৰা হয়। ১৯৯৭–১৯৯৮ চনৰ পৰা ৰে’লখন সপ্তাহত পাঁচ দিনকৈ চলাৰ ব্যৱস্থা কৰাৰ লগতে ছুপাৰফাষ্ট এক্সপ্ৰছলৈ ৰূপান্তৰিত কৰা হয়। ২০০৭ চনৰ পৰা এই ৰেলখনে যাত্ৰীসকলক প্ৰতিদিনে সেৱা আগবঢ়াই আহিছে। এই ছুপাৰফাষ্ট ৰেলখনৰ নাম নান্দেদৰ সচখণ্ড চাহিব গুৰদ্বাৰাৰ(Sachkhand Sahib Gurdwara in Nanded) নামেৰে ৰখা হৈছে আৰু ই শিখ ধৰ্মৰ দুটা গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থানক সংযোগ কৰে।

Related Articles