Breaking

ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ…

0 22

ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত নগাঁও জিলাৰ মহিলা মৰ্চাৰ সহযোগত নগাঁও জিলাৰ বট্ৰদোৱা সমষ্টিৰ সদৰ মণ্ডলৰ ২৩নং মহলাৰ অন্তৰ্গত পলিটেকনিকত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ এটা অনুষ্ঠিত কৰা হয়।এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত অঞ্চলটোত অৱস্থিত বসবাস কৰা শতাধিক পুৰুষ-মহিলাক বিনামূলীয়া কৈ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰা হয়।নগাঁও মেডিকেল কলেজৰ চিকিৎসক সকলে এই বিনামূলীয়া চিকিৎসা প্ৰদান কৰে।অঞ্চলটোত বানে ক্ষতি কৰাৰ লগতে বিভিন্ন ধৰণৰ ৰোগ সৃষ্টি হোৱাৰ সময়তে এনেধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষাই অঞ্চলটোত বসবাস কৰা ৰাইজক বহু পৰিমাণে উপকৃত কৰে।

এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী যুক্তা স্বপ্না বনিয়া, মহিলা মৰ্চাৰ সম্পাদিকা আশা বৰদলৈ, ৰাজ্যিক চিকিৎসা কোষৰ আহ্বাহিকা কবিতা মজুমদাৰৰ লগতে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও জিলাৰ সভাপতি অভিজিৎ শৰ্মা, নগাঁও জিলাৰ মহিলা মৰ্চাৰ সভানেত্ৰী, ৰশ্মি শৰ্মাৰ লগতে জিলা উপসভাপতি, মহল আয়ুক্ত, বুথ সভাপতি জিলা মহিলা মৰ্চাৰ বিষয়ববীয়াসকল, কায্যকৰ্তা সকল আৰু অংগণবাড়ী কৰ্মীসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.