দৰঙৰ নামখলা, আঠিয়াবাৰীত বিনামূলীয়া চিকিৎসা শিবিৰ

পশ্চিম দৰঙৰ নামখলা পঞ্চায়তৰ অন্তৰ্গত বানে ধোৱা এখন গাওঁ আঠিয়াবাৰী ৷ বানপানী আহিল আৰু গ’ল পিচে গাওখনত চানি ধৰিছে ভিন্ন ৰোগে৷ গাঁওখনৰ ব্যতিক্ৰমী তথা সক্ৰিয় গাওবুঢ়া হিৰণ্য কলিতা আৰু স্থানীয় যুৱক মৃদুল কলিতাই পাথৰিঘাট ব্লক PHCক গাওঁত চানি ধৰা ভিন্ন ৰোগৰ বিষয়ে অৱগত কৰে ৷ ক্ষিপ্ৰতাৰে আঠিয়াবাৰী বান সাহায্য কমিটি আৰু পাথৰিঘাট ব্লক PHCৰ উদ্যোগত আয়োজন কৰে বিনামূলীয়া চিকিৎসা শিবিৰ ৷ ৪জন ডক্টৰ ক্ৰমে ডা° ধ্ৰুৱজ্যোতি শৰ্মা, ডা° স্বোৱাগত চিনহা, ডা° দিশা হলদাৰ, ডা° জয়ন্ত দাসে চিকিৎসা সেৱা আগবঢ়াই আঠিয়াবাৰী প্ৰাথমিক বিদ্যালয়ত৷

বিনামূলীয়া শিবিৰটোত ফাৰ্মাচিষ্ট উৎপল বসুমতাৰী, বহুমুখী স্বাস্থ্যকৰ্মী ভাস্কৰ বৰুৱাকে ধৰি বহুকেইজন স্বাস্থ্যকৰ্মী উপস্থিত থাকি ৰাইজক সেৱা আগবঢ়াই৷ প্ৰায় ১৫০ গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰাৰ লগতে শিবিৰটোতে ক’ভিদ টিকাকৰনৰ ব্যৱস্থা কৰা বুলি ডা° দিশা হালদাৰে জনায়৷

নামখলাৰ পৰা দ্বীপেন ডেকাৰ প্ৰতিবেদন

Related Articles