Breaking

কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত বিনামূলীয়া পশু চিকিৎসা শিবিৰ…

0 20

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত আজি ৰঙিয়া মহকুমাৰ বৰকুকুৰিয়া গাঁওত মহকুমা পশুপালন আৰু পশু চিকিৎসা বিভাগ , তথা উত্তৰণ কৃষি উৎপাদক কোম্পানীৰ সহযোগত বিনামূলীয়াকৈ এটি পশুধনৰ টীকাকৰণ আৰু পশু চিকিৎসা শিবিৰ আয়োজন কৰা হয়। শিবিৰত বানপীড়িত বৰকুকুৰীয়া গাঁওৰ প্ৰায় ১৫০ টা গৰু আৰু ১২৭ টা ছাগলীক লাম্পী আৰু পিপিআৰ ৰোগৰ প্ৰতিষেধক ছিটা দিয়াৰ লগতে চিকিৎসা প্ৰদান কৰা হয়।

ইয়াৰ লগতে প্ৰায় ৪০০ তাতকৈ অধিক হাঁহ কুকুৰাৰ চিকিৎসা কৰা হয়। আনহাতে শিবিৰত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ ডঃ ইলাক্ষী ডেকাৰ উপৰিও ৰঙিয়াৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডঃ ৰিংকু ডেকা , ক্ষেত্ৰ সহায়ক মোছাঁদ্দিক আহমেদ , জয়ন্তীপূৰ পশু

স্বাস্থ্য উপকেন্দ্ৰৰ ক্ষেত্ৰ সহায়ক মেচেৰ আলি , মানৱজ্যোতি কলিতা, ভবেশ ডেকা, অলকেশ বেজবৰুৱা, উত্তৰণ কৃষি উৎপাদক কোম্পানীৰ মুখ্য কাৰ্যবাঁহী বিষয়া অমল ভৰালী , সঞ্চালক প্ৰাঞ্জল কলিতা , কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ প্ৰতুল চন্দ্ৰ ডেকা উপস্থিত থাকে। উল্লেখ্য যে টিকাকৰন আৰু পশু চিকিৎসা শিবিৰটো আয়োজন কৰা বাবে বৰকুকুৰীয়া গাঁওৰ বানপীড়িত ৰাইজে উপকৃত হয়।

Leave A Reply

Your email address will not be published.