মদন মোহন পাগবন্ধা
সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ অসমীয়া জাতিটোক চিন্তা চেতনাক উদ্বুদ্ধ কৰি ৰখা মূল আধাৰ হল বিহু। মূলতঃ অনাদি কালৰ পৰা কৃষিৰ লগত সংপৃক্ত বিহুৰ এক নিজস্ব বৈশিষ্ট্য আছিল। হাবি নাইবা উদং পথাৰত মুখে মুখে চলিত আছিল ইয়াৰ নাম সমূহ। সংস্কৃতি নাদৰ পানী নহয় ই বোৱতী নদীৰ দৰে চিৰ প্ৰবাহমান। পূৰ্বৰ অনাক্ষৰী লোকৰ মাজত প্ৰচলিত বিহুলৈ ব্যাকৰণ আহিল। স্বতঃস্ফূত এক সংস্কৃতিত ব্যাকৰণ প্ৰযোজ্য হয় নে নহয় সি এক অন্য বিষয়।আমি পূৰ্বতে কোৱাৰ দৰে ক্ৰমবিবৰ্তনৰ ফলত আহোম ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাত বিহুৱে এক নব্য ৰূপ পাইছিল। পৰ্য্যায়ক্ৰমে বিহুৱে ‘ৰংঘৰ’ আৰু ৰাজ কাৰেঙৰ পৰা প্ৰজা গৃহৰ পদূলিত ভুমুকি মাৰিলে আৰু ই মঞ্চত স্থান পালে। প্ৰথমে হয়তো শিৱসাগৰ, গোলাঘাট আৰু সৰ্বগ্ৰহন যোগ্য ভাবে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত ১৯৫১ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত বিহু সন্মিলনখন আৰম্ভ হয়।
কথা হল মঞ্চ বিহুৰ উদ্দেশ্য আছিল কি, হলগৈ কি? হয়তো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি সংস্কৃতি এই সাংস্কৃতিক উপাদান সমুহৰ সমাহাৰ ঘটোৱাই আছিল ইয়াৰ উদ্দেশ্য। সাম্প্ৰতিক সময়ত বিহু সন্মিলনৰ নামত হৈছে কি? এতিয়া যে বিহু সন্মিলন মানে সাংস্কৃতিক সন্ধিয়া। বিহু দল আহক নাহক কথা নাই গায়ক জন কিন্তু দামী হব লাগিব। আমিও গায়ক ভাল পাওঁ। আমিও বিচাৰো অসমীয়া সংগীতৰ যাত্ৰা মধুৰ হওক। আমিও বিচাৰো গায়ক সকলে এই বিহুৰ বতৰত আৰ্থিক ভাৱে লাভবান হওক। কিন্তু গায়ক সকলৰ পৰা আমি বিচৰা ধৰণেৰে পাইছোঁ নে। আমি শিশু আৰু কৈশোৰ কালত সুধাকণ্ঠ ভূপেন হাজৰিকা, শ্ৰদ্ধাৰ শিল্পী খগেন মহন্ত, অৰ্চনা মহন্ত, জিতুল সোণোৱাল আদি শিল্পীৰ অনুষ্ঠান বিহু মঞ্চত চাইছিলো। তেওঁলোকে টো কোনোদিন মঞ্চত ঢপলিয়াই থকা নাছিল।
সকলো নহলেও দুই এজন গায়ক মাজে মাজে সুৰাৰ ৰাগীত মতলীয়া হৈ অনুষ্ঠান পৰিবেশনলৈ অহাৰ বাতৰিয়ে মন বোৰ ব্যথিত কৰে। এটা কথা ঠিক যে সংগীতত আংগিকৰ প্ৰয়োজন আছে কিন্তু সেই বুলিয়েই মঞ্চত ঢপলিয়াই গীতৰ এটা কলি গাই বাকীবোৰ গাবলৈ ৰাইজৰ সহযোগ বিচাৰিলে ভাল লাগেনে? আমি যে কওঁ আমাৰ নৱ প্ৰজন্মই সংস্কৃতি অবাটে নিছে, নৱ প্ৰজন্মই অবাটে নিয়া নাই যদি আমাৰ সংস্কৃতি অবাটে গৈছে তাৰ বাবে দায়ী আমিয়েই। কাৰণ কোনো সমিতিয়ে টু শিপ্লী জনক কোৱা নাই কেনে আচৰণ কৰিব লাগে। এইবোৰতকৈ আচৰিত লাগে তেতিয়া যেতিয়া কোনো শিল্পীয়ে আহি ৰাইজক সোধে ৰাইজ বিহু গাম নে? বিহু সন্মিলৰ মঞ্চত বিহু নাগাই গাব কি? শিল্পী সকল আমাৰ মাজেৰেই নহয়নে? তেওঁলোকে মঞ্চৰ পৰা কব নোৱাৰেনে যে বোকা নৃত্য কৰাটো বেয়া কথা। গতিকে সময় থাকোতেই ভাবিবৰ হল বিহু সন্মিলন বা মঞ্চ বিহু কি? নহলে কিন্তু ই এক সাংস্কৃতিক সন্ধিয়ালৈ গমন কৰিব।লগতে বিহু সমিতি সমূহো শিল্পী নিৰ্বাচনত সচেতন হবৰ হ’ল।