Breaking

দীপৰ বিলৰ পৰা ৰানীলৈ একাংশ ধাবাত প্ৰাধান্য দিছে অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰক…

0 10

ভোগবাদী সমাজৰ লগত তাল মিলাবলৈ গৈ অসমীয়া জাতিয়ে বহুক্ষেত্রত নিজস্বতা হেৰুৱাই পেলাইছে। আধুনিকতাৰ প্ৰসাৰৰ ফলত অসমীয়া সংস্কৃতিৰ বিভিন্ন সম্পদৰ লগতে হেৰাই গৈছে অসমীয়া পৰম্পৰা থলুৱা খাদ্য সম্ভাৰ। এসময়ত খাদ্যৰসিক বুলি নাম থকা অসমীয়া জাতিৰ নতুন প্রজন্মই বর্তমান পাহৰিয়েই গৈছে সুস্বাদু কাঁহুদী, খাৰলি, খৰিচা,পাতত দিয়া মাছ, ভাপত দিয়া মাছ, চুঙা ভাত, আদিকে ধৰি অসমীয়া বিবিধ ব্যঞ্জন। কিন্তু সৌভাগ্যৰ বিষয় যে বর্তমান গুৱাহাটী মহানগৰীৰ ৰেস্তোৰাঁসমূহত সহজলভ্য ইটালিয়ান, চাইনিজ ম’ম’, ৰ’ল, চাওমিন, পিজা আদিৰ পয়োভৰত অস্তিত্ব হেৰুৱাই পেলোৱা এই অসমীয়া খাদ্যক পুনৰ জনপ্রিয় কৰি তুলিছে মহানগৰীৰ কাষৰীয়া দীপৰ বিলৰ পৰা ৰাণীলৈ বিগত চাৰি-পাঁচ বছৰমানৰ ভিতৰত স্থাপন হোৱা একাংশ ধাবাই। বিদেশী খাদ্যত আসক্ত মানুহৰ মাজলৈ অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যক পুনৰ ঘূৰাই অনাটো প্ৰকৃততে এক প্ৰত্যাহ্বানমূলক কাৰ্য বুলি অভিহিত কৰিছে বিগত ২০২৩ বৰ্ষৰ ডিচেম্বৰ মাহত দীপৰ বিলৰ কাষৰীয়া চকৰদৌ প্ৰাথমিক বিদ্যালয়ৰ সন্মূখত গড়চুক-পাটগাঁও সংযোগী পথৰ দাঁতিত স্থাপন কৰা মৃত্তিকা এথেনিক ফুড নামৰ ধাবাখনৰ স্বতাধিকাৰী মমী ৰংপীয়ে।

এই সন্দৰ্ভত উচ্চ শিক্ষিতা মমী ৰংপীয়ে জানিবলৈ দিয়া মতে এইক্ষেত্ৰত তেওঁক স্বামী প্ৰমোদ ৰংপীয়ে সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছিল। আনকি দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰি বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি অহা দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক, পৰিৱেশকৰ্মী প্ৰমোদ কলিতায়ো যথেষ্ট ইতিবাচক দিহা-পৰামৰ্শ দি আহিছে। প্ৰথম অৱস্থাত গ্ৰাহকৰ সঁহাৰি লাভ কৰাত কিছু অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল। কিন্তু লাহে লাহে বাঢ়ি অহা জনপ্ৰিয়তাৰ পৰা বুজা গৈছে যে অসমীয়া পৰাম্পৰাগত থলুৱা খাদ্যৰ সমাদৰ এতিয়াও আছে। অন্য খাদ্যতকৈ কম মচলাযুক্ত অসমীয়া আৰু বিভিন্ন জনগোষ্ঠীয় ব্যঞ্জনসমূহ স্বাস্থ্যসম্মত হোৱাৰ বাবে গ্রাহকে অধিক পছন্দ কৰে। বিশেষকৈ দেওবাৰ আৰু উৎসব-পার্বণত তুলনামূলকভাৱে মানুহৰ সমাগম অলপ বেছি হয়। তেওঁলোকে বাঁহৰ গাজ, বাঁহৰ চুপ, তিলৰে প্ৰস্তুত কৰা গাহৰি মাংসৰ উপৰিও কাৰ্বি, ৰাভা, বড়ো জনগোষ্ঠীয় খাদ্য সম্ভাৰ পৰিৱেশন কৰি গ্ৰাহকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে পৰিৱেশ কৰ্মী প্ৰমোদ কলিতাই মৃত্তিকা এথেনিক ফুডক দীপৰ বিলৰ পৰ্যটনৰ এক নতুন সংযোজন বুলি অভিহিত কৰি মমী ৰংপীকে ধৰি একাংশ উচ্চ শিক্ষিত যুৱক-যুৱতী এনে ধৰণৰ পৰম্পৰাগ ত খাদ্য সম্ভাৰৰে গ্ৰাহকক আকৰ্ষণ কৰাৰ লগতে চৰকাৰী-বেচৰকাৰী চাকৰিৰ পাছত দৌৰি নুফুৰি ধাবা স্থাপনৰে আন কেইজনমানক জীৱিকাৰ পথ মোকোলাই দিবলৈ সক্ষম হোৱাটো এক ইতিবাচক বাৰ্তা দিব বুলি আশা ব্যক্ত কৰিছে। তেনেদৰে দীপৰ বিলৰ পাৰৰ চকৰদৌ কলিতাপাৰাৰ দীপৰ বিল ধাবাৰ পৰা আৰম্ভ কৰি কিছু নিলগৰ ৰাণী সংযোগী এন ই চি পথৰ দাঁতিত তথা বিনোদনৰ থলী হিচাপে পৰিচিত একোলেণ্ডৰ অাশে – পাশে বিগত কেইটামান বৰ্ষত স্থাপন হোৱা কলফুল লোকেল ধাবা , কলপাত লোকেল ধাবা , জুহাল লোকেল ধাবাকে ধৰি তেনে ধৰণৰ প্ৰায় দহ-বাৰখনমান লোকেল ধাবাই বিভিন্ন ধৰণৰে প্ৰস্তুত কৰা মূৰ্গী, ছাগলী আৰু গাহৰিৰ মাংস, কেঁকোৰা, আলু পিটিকা, খাৰ, কাঁহুদী, খাৰলি, মাছৰ টেঙা আঞ্জা আদি সম্পূর্ণ অসমীয়া ব্যঞ্জনেৰে গ্রাহকক সন্তুষ্ট কৰি আহিছে। অন্য খাদ্যতকৈ জনগোষ্ঠীয় থলুৱা খাদ্য বিচাৰি অহা গ্ৰাহকৰ সংখ্যা অধিক বুলি কলপাত লোকেল ধাবাৰ স্বতাধিকাৰী বিশ্বজিৎ ৰাভাই জানিবলৈ দিছে। তেনেদৰে কলফুল লোকেল ধাবাৰ স্বতাধিকাৰী বিবেক ৰাভাই স্বাস্থ্যৰ বাবে ক্ষতিকৰ, প্রচলিত ফাষ্টফুডতকৈ কম মচলাযুক্ত আৰু স্বাস্থ্যসম্মত অসমীয়া জনগোষ্ঠীয় পৰাম্পৰাগত খাদ্যসমূহ থলুৱা গ্রাহকে অধিক পছন্দ কৰি আহিছে।

সমান্তৰালভাবে ৰাণী অঞ্চলৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিবলে দেওবাৰ বা আন চৰকাৰী বন্ধৰ দিনত বহু লোক গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰিয়াল, বন্ধু – বান্ধবসহ আহে। তেনে লোকৰ এক বুজন সংখ্যকেই একোলেণ্ডৰ পৰা আৰম্ভ কৰি ৰাণীলৈকে থকা একাংশ লোকেল ধাবাত নিজৰ মন পচন্দৰ আহাৰ গ্ৰহণ কৰে। উল্লেখ্য যে বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ দীপৰ বিলৰ পৰা ৰাণীলৈ অসমৰ জনগোষ্ঠীয় লোকসকলৰ উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ এই ইতিবাচক কাৰ্যই উঠি অহা শিক্ষিত যুৱ সমাজক ইতিবাচক বাৰ্তা দিবলৈ সক্ষম হব বুলি সচেতন লোকসকলে মত ব্যক্ত কৰিছে।

Leave A Reply

Your email address will not be published.