Breaking

এই পৰাজয়ৰ পৰা আমি শিকিব লাগিবঃ ৰাহুল গান্ধী

0 2,030

৫খন ৰাজ্যতো শোচনীয় পৰাজয়ৰ পাছত দলীয় কাৰ্যকতা আৰু জনতাক সম্বোধন কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰিলে এটা বিশেষ টুইট। এই টুইটটোত তেওঁ লিখিছে- বিনম্ৰতাৰে এই ৰায়ক আমি গ্ৰহণ কৰিছো। জনতাই জৰ্নাদন আৰু জনতাৰ এই ৰায়ক আমি গ্ৰহণ কৰিছো। এই নিৰ্বাচনত অশেষ কষ্ট কৰা কাৰ্যকতা সকলৰ নিষ্ঠাক স্বীকাৰ কৰিছো।

তেওঁ লগতে টুইটটোত লিখে- এই পৰাজয়ৰ পৰা আমি শিকিব লাগিব। জনতাৰ হিতৰ কাৰনে আমি সদায়েই কাম কৰি যাম। উল্লেখ্য যে, এই টুইটটোত বিজয়ী সকলো প্ৰাৰ্থীক অভিনন্দন জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে। ১০মাৰ্চৰ ৫ নিৰ্বাচনী ফলাফলত অতি শোচনীয় প্ৰদৰ্শন কংগ্ৰেছৰ। শাসনত থকা পঞ্জাৱৰ বাঘজৰীও হেৰুৱালে কংগ্ৰেছে।

Leave A Reply

Your email address will not be published.