Fruit Juice Benefits: সতেজ ছালৰ বাবে দৈনিক ফলৰ ৰস খাই দীপিকাই, ফলৰ ৰসৰ উপকাৰিতাৰ বিষয়ে জানক

(Fruit Juice Benefits)সুস্থ শৰীৰ আৰু উজ্জ্বল ছালৰ বাবে নিয়মিতভাৱে সতেজ ফলৰ ৰস সেৱন কৰে দীপিকা পাডুকনে। কিন্তু কেৱল দীপিকাই নহয়, বহু তাৰকাই নিয়মিতভাৱে ফলৰ ৰস খায়। পুষ্টিবিদসকলৰ মতে পেকেটত ভৰোৱা ফলৰ ৰসতকৈ সতেজ ফলৰ ৰস খোৱাটো অধিক উপকাৰী।(deepika padukone)

তৰমুজ, আমলখি, অমিতা, জামুক, কল, কেঁচা আম বা আঙুৰ, যিকোনো ফলৰ ৰস খাব পাৰি।(Watermelon, mangoes, berries, bananas, raw mangoes or grapes) প্ৰতিটো ফলতে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন, খনিজ পদাৰ্থ আৰু আঁহ থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। ইয়াৰ উপৰিও ছাল আৰু চুলি সুস্থ কৰি ৰাখে। ফলৰ ৰস খালে শৰীৰৰ বিষমুক্ত হয়, অৰ্থাৎ শৰীৰৰ পৰা সকলো ক্ষতিকাৰক পদাৰ্থ আঁতৰি যায়। ফলত ইয়াক সতেজ দেখা যায়। ফলৰ ৰস খালে বাগৰ আঁতৰি যায়।

(Increase the immune system)শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে ভিটামিন চি অতি প্ৰয়োজনীয়। তাৰ লগতে আঁহ ভাল হজম শক্তি বজাই ৰখা আৰু পেট পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ। ফলৰ ৰসে দুয়োটা প্ৰয়োজন পূৰণ কৰিব পাৰে। পুষ্টিবিদসকলে দিনটোত কমেও ৩ৰ পৰা ৪ টাকৈ ফলমূল আৰু শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়ে। কোনো অনুষ্ঠানত গধুৰ খাদ্য খোৱাৰ পিছত পাচনতন্ত্ৰক জিৰণি লোৱাৰ প্ৰয়োজন হ’লে বিষমুক্ত কৰাৰ বাবে ফলৰ ৰস অতি উত্তম।

পুষ্টিবিদসকলে কয় যে ব্যায়াম বা খেলৰ সময়ত ফলৰ ৰস সেৱন কৰিব পাৰি। শৰীৰক বালে ৰাখে। লগতে সোনকালে ওজন কমাবও পাৰি।

Related Articles