Breaking

বিশ্ব ঐতিহ্যত অন্তর্ভুক্তিৰে প্রতিজ্ঞা পূৰণ, মডেল মেপৰ প্ৰস্তুতকৰ্তা ড০ আলমে ৬ বছৰৰ মুৰত কাটিলে চুলি…

0 15

২০১৮ চনৰ শেষৰ পৰা বর্তমানলৈকে অবিৰত ৰূপত প্রস্তাৱিত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্রতিটো ক্ষেত্রত সংপৃক্ত হৈ থকা ড০ জাকিৰুল আলমে বিশ্ব ঐতিহ্য স্বীকৃতি পোৱাত ৬ বছৰৰ মূৰত কাটিলে চুলি। ২০১৪ চনতে ইউনেস্কই চৰাইদেউ মৈদাম সমূহক সাম্ভাব্য বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰাৰ পাছত কেডাস্টাৰেল মেপৰ অভাৱত ডচিয়াৰ প্ৰস্তুত কৰি আবেদন কৰিব পৰা নাছিল। যাৰ বাবে প্রশাসনে ২০১৫ চনত জৰীপ কৰি বেদখলকাৰীৰ বাবে বিফল হল। পুনৰ ২০১৮ চনৰ মাজভাগত প্রশাসনে পুনৰ জৰীপ আৰম্ভ কৰোতে বেদখলকাৰীৰ লগত এখন সংঘর্ষ হৈ ১৪৪ ধাৰা প্রয়োগ হোৱাত সিমানতে ইউনেস্কলৈ আবেদন কৰাৰ পৰিকল্পনা ধোঁৱা চাঙত উঠিল। পুনৰ ড০ আলমৰ সমন্বয়ত জৰীপ কৰা কাৰ্য সম্পন্ন কৰিবলৈ ২০১৮ চনৰ নৱেম্বৰৰ পৰা পুনৰ বিজ্ঞানসম্মত ভাৱে বেদখলকাৰীৰ লগত সংঘর্ষ নোহোৱাকৈ সমগ্র চাৰি হাজাৰ সাতশ চাপন্ন বিঘা মাটিত কেনেদৰে জৰীপ কৰিব পাৰি, তাৰ গৱেষণাৰ কাম মিডিয়া মেনেজমেন্ট এণ্ড বিচাৰ্ছ এচছিয়েচনৰ হৈ আগবাঢ়িল।

ড০ দয়ানন্দ বৰগোহাঁই আৰু ড০ জাকিৰুল আলমৰ নেতৃত্বত ২০১৯ৰ পৰা যুদ্ধ দেহিং মনোভাৱেৰে প্রশাসনৰ বিভিন্ন জটিল স্তৰত আগুৱাই আহি ২০১৯ চনৰ ১ নৱেম্বৰৰ পৰা পুনৰ জৰীপ আৰম্ভ হল। কিন্তু পুনৰ জৰীপ বেদখলকাৰীৰ ষড়যন্ত্র আৰু হেঁচাত মণ্ডলৰ সৈতে অসম চৰকাৰৰ জৰীপ দলে কেন্দ্রীয় চৰকাৰৰ প্ৰত্নতত্ত্ব আৰু অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ অধীনত বাউণ্ডেৰী বালৰ ভিতৰত থকা মাত্র ৫৭৬ বিঘাৰ মৈদাম ক্ষেত্রৰ বাহিৰে বাকী মৈদাম সমূহ জৰীপ নকৰে কোৱাত ড০ আলমে এখন মডেল মেপ প্রস্তুত কৰে। য’ত জিলা উপায়ুক্ত লগতে সীমা নিৰ্দ্ধাৰণ কমিটিৰ সদস্য ড০ দয়ানন্দ বৰগোহাঁই, প্রয়াত দিলীপ বুঢ়াগোহাঁই আৰু জিতেন বৰপাত্র গোহাঁইয়ে স্বাক্ষৰ কৰাত পুনৰ ২ নৱেম্বৰৰ পৰা ড০ আলমৰ নেতৃত্বত প্রতিটো মৈদামৰ লগতে কীৰ্তিচিহ্নৰ জৰীপ হয়। ড০ দয়ানন্দ বৰগোহাঁই আৰু ড০ আলমৰ নেতৃত্বত জৰীপত কোনো ধৰণৰ পূৰ্বৰ দৰে সংঘর্ষ নহৈ সুকলমে আগবাঢ়িছিল। যদিও প্রতিটো জৰীপৰ শেষত পুনৰ মণ্ডল আৰু জৰীপ দলৰ ওপৰত ৰাজনৈতিক ভাৱে শক্তিশালী আৰু কয়লা ছিণ্ডিকেটৰ নেতৃত্ব লোৱা বেদখলকাৰীৰ হেঁচাত ভিতৰুৱাকৈ বাধা আহি থাকে। প্রতিটো বাধা ড০ আলমে, ড০ দয়ানন্দ বৰগোহাঁই, দিলীপ বুঢ়াগোহাঁই আৰু জিতেন বৰপাত্র গোহাঁইৰ সহযোগত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল |এনেবোৰ ঘাত প্রতিঘাটেৰে আগবাঢ়িব লগা হোৱা বাবে ড০ আলমে ২০১৯ চনৰ পৰাই মূৰৰ চুলি নকটাৰ সংকল্প লয়, যেতিয়ালৈকে বিশ্ব ঐতিহ্যলৈ ৰূপান্তৰ নহয়। অৱশেষত সকলো দল-সংগঠন, সংবাদ-মাধ্যম, স্থানীয় ৰাইজ, অসমবাসী, ভাৰতবাসী, অসম চৰকাৰ, ভাৰত চৰকাৰৰ সহযোগত চৰাইদেউ মৈদাম সমূহ বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি পাবলৈ সক্ষম হ’ল। এই ক্ষেত্রত কিন্তু ড০ হিমন্ত বিশ্ব শর্মাৰ বুদ্ধিমত্তা, জ্ঞানী, কৌশলপূর্ণ নেতৃত্বৰে আগবঢ়াৰ বাবেহে ইউনেস্কই স্বীকৃতি দিবলৈ বাধ্য হল।

ড০ আলমে প্রতিজ্ঞা মতে অর্ধ চুলি কাটিলে যেতিয়ালৈকে চ্যুকাফাৰ সৈতে চৰাইদেউ সাতজন ৰজা গড়গাঁৱৰ দুজন ৰজা বাদ দি বাকী ৰজা আৰু ৰাণীৰ মৈদাম, চাৰিঙীয়া, টিপমীয়া আৰু নামৰূপীয়া ৰজাৰ আৰু ৰাণীৰ মৈদাম সমূহ প্রায় চাৰি হেজাৰ বিঘা মাটিত বাফাৰ জনত অক্ষত অৱস্থাত আছে। যদিও এতিয়ালৈকে চিনাক্ত আৰু সংৰক্ষণ হোৱা নাই । বিশ্ব ঐতিহ্যত মাত্র ৰংপুৰৰ পাঁচজন ৰজা আৰু গড়গাঁওৰ এজন ৰজা আৰু তেওঁলোকৰ কুঁৱৰী, মাতৃ আৰু সন্তান সকলৰহে মৈদাম অন্তর্ভুক্ত হ’ল। সেয়ে ড০ আলমে এই সমগ্র মৈদাম সমূহ যেতিয়ালৈকে সংৰক্ষণ কৰি বিশ্ব ঐতিহ্য ক্ষেত্রলৈ উলিয়াই নানে তেতিয়ালৈকে পুনৰ চুলি নাকাটে আৰু সংগ্রাম কৰি গৈ থাকিব বুলি উল্লেখ কৰে। উক্ত প্ৰেছ বিজ্ঞপ্তি আৰু সংবাদ মাধ্যমৰ আগত টাইপাৰ মুখ্য উপদেষ্টা হেমন্ত চাংমাইৰ গুৰুত্ব দি কয় যে, উল্লেখিত বিশ্ব ঐতিহ্যৰ বাফাৰ জনত থকা সমগ্র মৈদাম সমূহ অতি সোনকালে বেদখলকাৰীৰ পৰা মুক্ত কৰি বিশ্ব ঐতিহ্যৰ মুখ্য আকৰ্ষণ বিন্দুলৈ ৰূপান্তৰ কৰি পৰ্যটকৰ বাবে মুকলি কৰে। চ্যুকাফাক আদৰি ৰাজ্য স্থাপন কৰিবলৈ বৰাহী ৰজাই নিজৰ ৰাজ্য ত্যাগ কৰাৰ যি উদাৰতা দেখুৱালে সি ইতিহাসত বিৰল। সেয়ে উক্ত বৰাহী ৰজা সকলৰ ইয়াত থকা বহুতো কীৰ্তিচিহ্ন এতিয়াও অক্ষত অৱস্থাত আছে। বিশেষকৈ দেওশাল আৰু লাংকূৰী দল, সেয়েহে ইয়াত থকা বাগান সমূহ উচ্ছেদ কৰি বিশ্ব ঐতিহ্যৰ অংগ হিচাপে সংৰক্ষণ কৰিব লাগে। অতি সোনকালে চ্যুকাফাৰ সৈতে সকলো মৈদাম সিঁচৰিত হৈ থকা চাৰি হাজাৰ বিঘা মাটি সংৰক্ষণ নকৰিলে ইউনেস্কোৰ স্বীকৃতি হয়তো অক্ষুণ্ণ নাথাকিব পাৰে। এই দৰে চাংমাইয়ে দাবী কৰে।

Leave A Reply

Your email address will not be published.