Breaking

নলবাৰীৰ টিহুত (Raas in Tihu) ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ।

0 64

ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। নলবাৰীৰ টিহুতো (Raas in Tihu) ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ।

ইতিমধ্যে টিহুৰ বাৰোৱাৰী ৰাস মহোৎসৱস্থলীত দেখা গৈছে মৃণ্ময় শিল্পীসকলে মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা। তদুপৰি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে জনোৱা অনুসৰি, ভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে এই ১১ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৰাস মহোৎসৱত। কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী ৰাখিছে উদ্যোক্তাই ৰাসস্থলীত।

বিগত দুটা বৰ্ষ যিহেতু ক’ভিড পৰিস্থিতিৰ বাবে সকলো অনুষ্ঠানেই অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব লগা হৈছিল,  এইবেলি ক’ভিডৰ ভৱাবহ পৰিস্থিতি কিছু শাম কটাত মুকলিমূৰীয়াকৈ অনুষ্ঠিত কৰা হয় ৰাস মহোৎসৱো।

ৰাস মহোৎসৱক লৈ ব্যাপক উৎসাহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। তদুপৰি প্ৰতিবাৰেই যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে এই ৰাস মহোৎসৱক যেন এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। ১১ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱত সাংস্কৃতিক অনুষ্ঠান, বৃহত্তৰ চতিয়া কেন্দ্ৰীয় ভাওনা উদযাপন সমিতিৰ দ্বাৰা দ্ৰৌপদীৰ বস্ত্ৰ হৰণ ভাওনা প্ৰদৰ্শন কৰা হ’ব মহিলাৰ দ্বাৰা।

ইফালে এইবেলিও উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰায় ১০ হাজাৰৰ পৰা ১৫ হাজাৰ ভক্তপ্ৰাণ লোকে প্ৰতিদিনে এই ৰাস মহোৎসৱস্থলীত উপস্থিত হোৱাৰ আশা প্ৰকাশ কৰিছে। উল্লেখ্য, ৰাস মহোৎসৱস্থলীত শ্ৰীকৃষ্ণৰ বাৎসল্য ৰূপৰ পৰা বিভিন্ন ৰূপ ৬০ টাকৈ স্থলত ৩০০ মৃণ্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰিব।

Leave A Reply

Your email address will not be published.